কোকৰাঝাৰত আন্ত:ৰাষ্ট্রীয় পেৰাগ্লাইদিং প্রতিযোগিতাৰ ব্যাপক প্ৰস্তুতিঃ চীন, জাপান , থাইলেণ্ড , ইন্দোনেছিয়াসহ বিশ্বৰ ১০খন দেশে লব অংশ…

কোকৰাঝাৰত আন্ত:ৰাষ্ট্রীয় পেৰাগ্লাইদিং প্রতিযোগিতাৰ ব্যাপক প্ৰস্তুতিঃ চীন, জাপান , থাইলেণ্ড , ইন্দোনেছিয়াসহ বিশ্বৰ ১০খন দেশে লব অংশ…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিএডিৰ সদৰ কোকৰাঝাৰ নিকটৰ বাওখু্গ্ৰী পাহাৰৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশ তথা বিৰল প্ৰজাতি সোনালী বান্দৰৰ বাসস্থানৰূপে খ্যাত দাংদুফুৰ পাহাৰত অহা ১০ নবেম্বৰৰ পৰা পাচঁদিনীয়া কাৰ্যসূচীৰে প্ৰথম বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইদিং প্ৰতিযোগিতাখন অনুষ্ঠিত হব ৷

বিটিচিৰ পয্যটন বিভাগৰ উদ্যোগত এইবেলি পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইদিং প্ৰতিযোগিতাখনত ইতিমধ্যে বিশ্বৰ ১০খন দেশ অংশ লব বুলি উদ্যোক্তা সমিতিয়ে সদৰী কৰাৰ উপৰি ইতিমধ্যে প্ৰতিযোগিতাত ভাৰত ,চিংগাপুৰ, চীন, ইণ্ডোনেছিয়া, জাপান, থাইলেণ্ড, নেপাল , মালেছিয়া, হংকং ধৰি দেশ বিদেশৰ মুঠ ১৩০ জন প্ৰতিযোগীয়ে অংশ লোৱাৰ নিশ্চিয়তা প্ৰদান কৰা বুলি সংবাদমেলযোগে সদৰী কৰে বিটিচিৰ উপ মুখ্য কাৰ্য বাহী সদস্য খাম্পা বৰগয়াৰীয়ে ৷

তেওঁ সংবাদমেল যোগে বিটিচিৰ পয্যটন বিভাগক বিশ্বৰদৰৱাত প্ৰতিষ্ঠা কৰিবলৈ এনেধৰনৰ পেৰাগ্লাইদিং প্ৰতিযোগিতা পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা বুলি জনাই ৷ উল্লেখ্য যে, অহা ১০ নবেম্বৰৰ পৰা প্ৰতিযোগীসকলৰ পঞ্জীয়নৰে আৰম্ভ হব লগা উক্ত আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাখন ১১ নবেম্বৰত পূৱা উদ্বোধন কৰিব বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে ৷

ইপিনে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগীখনত পুৰুষ মহিলাৰ উভয় শাখাতে প্রথম শ্রেষ্ঠ পুৰস্কাৰ হিচাৱে নগদ দুই লাখ টকাসহ বটাঁ, প্ৰশস্তি পত্ৰ প্ৰদান কৰা হব বুুুুলি সদৰী কৰে ৷ আজিৰ সংবাদমেলত বিটিচিৰ উপ সচিব প্ৰধান জলী দাস ব্ৰক্ষ , কাৰ্যবাহী সদস্যদ্বয় দনেশ্বৰ গয়াৰী আৰু অনশুমৈ খুংগুৰ বড়ো আৰু বিটিচিৰ সচিব কেৰল নাৰ্জাৰী, দীনেশ বড়ো আৰু অনিল দেউৰী উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in