দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী-চোৰাং কাঠ মাফিয়াৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণঃ এটা হস্ত নিৰ্মিত বন্দুক, কাঠ ফলা মেছিন জব্দ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী-চোৰাং কাঠ মাফিয়াৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণঃ এটা হস্ত নিৰ্মিত বন্দুক, কাঠ ফলা মেছিন জব্দ

ডিজিটেল সংবাদ নাহৰকটীয়াঃ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত সোমবাৰে নিশা পুনৰ বনকৰ্মী আৰু চোৰাং কাঠ মাফিয়াৰ মাজত সংঘর্ষ হয় এক প্ৰচণ্ড গুলীবৰ্ষণ । ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰৰ এন.চি.আই নলাৰ সমীপত নিশা চোৰাং কাঠ মাফিয়াই হাতত মাৰনাস্ত্ৰ আৰু অত্যাধুনিক মেছিনৰ জৰিয়তে কাঠ কাটি থকাৰ তথ্য লাভ কৰে কঠাঁলগুৰি খণ্ড বিষয়া কাৰ্য্যলয়ৰ এটা টহলদাৰী গোটে। টহলদাৰী গোটে কাঠ কটাৰ সম্ভেদ লাভ কৰাৰ পিছতেই জয়পুৰ আঞ্চলিক বিষয়া পুষ্পধৰ বৰগোহাঁইক খবৰ দিয়াত বিষয়া গৰাকীৰ নিৰ্দেশত ফৰেষ্ট গাৰ্ড অজিত গগৈ আৰু ৰাকেশ সিংহৰ নেতৃত্বত যোৱা এটা দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতেই বন কৰ্মীৰ দলটোৰ প্ৰতি লক্ষ্য কৰি কাঠ মাফিয়াৰ দলটোৱে গুলীবৰ্ষণ কৰে।

প্ৰত্যুত্তৰত বন বিভাগৰ দলটোৱে প্ৰায় ৫ ৰাউণ্ড গুলী চলোৱাত এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি মাফিয়াৰ দলটো পলাই যাবলৈ সক্ষম হয়। ইফালে এই সংঘর্ষত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও মাফিয়াৰ দলটোৰ পৰা এটা হস্ত নিৰ্মিত বন্দুক, আঠ জাই সজীৱ কাৰ্টিছ, এটা কাঠ ফলা মেছিন আৰু কিছু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে কঠাঁলগুৰি বন বিভাগৰ কাৰ্য্যলয়টোত বন বিভাগৰ মাত্ৰ দুজন ফৰেষ্ট গাৰ্ড আৰু পেট্ৰলিং প্ৰজেক্টৰ দুজন বনকৰ্মী থকাৰ বিপৰীতে আওপুৰণি এটা থ্ৰী.নট.থ্ৰী ৰাইফলৰ বাদে অত্যাধুনিক মাৰনাস্ত্ৰ বুলিবলৈ একোৱেই নাই কাৰ্য্যলয়টোত। ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱ বৈচিত্ৰ আৰু জীৱ-জন্তু সমূহৰ সুৰক্ষাৰ স্বাৰ্থত খণ্ড বন বিষয়াৰ কাৰ্যালয়টোত অত্যাধুনিক মাৰনাস্ত্ৰ প্ৰদান কৰিবলৈ কাৰ্য্যলয়টোৰ বন কৰ্মী সকলে উৰ্দ্ধতম কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ।

যাৰ ফলত এই সকল সীমিত বন কৰ্মীয়ে নিতৌ মৰণক শৰণ দি দিনে নিশাই সুৰক্ষা প্ৰদান কৰিব লাগে বিশাল ৰাষ্ট্ৰীয় উদ্যানখন।একেদৰে বিগত বৰ্ষৰ শেষৰ ফালে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনৰ শুকানজুৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনত থকা বাসৱনলাটো বন কৰ্মী আৰু চোৰাং কাঠ মাফিয়াৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। য'ত কাঠ মাফিয়াই ব্যৱহাৰ কৰা এজনী মাইকী হাতী থিতাতে মৃত্যু হৈছিল।

কিন্তু আশ্চৰ্যকৰ কথা যে এই ঘটনাৰ পিছতো কোনো ধৰণৰ শিক্ষা নললে মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ বিয়াগোম বন বিভাগে। সময় থাকোতেই যদি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰ চৰাত থকা খণ্ড বন বিষয়াৰ কাৰ্যালয় কেইটাত অত্যাধুনিক মাৰনাস্ত্ৰ আৰু বন কৰ্মী নিযুক্তি প্ৰদান নকৰে তেন্তে এটা সময়ত নিশেষ হৈ পৰিব জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in