অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন

অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন

ডিজিটেল সংবাদ, ইটানগৰঃ দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশত বসবাস কৰা দেউৰী আৰু মৰাণ সকলক অৰুণাচলৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দিয়াৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পাছৰ পৰা ৰাজপথলৈ ওলাই আহিছে ৰাজ্যখনৰ ভিন্ন দল-সংগঠন। অৰুণাচল প্ৰদেশ ৰাজ্য গঠন হোৱাৰ বহু পূৰ্বৰে পৰা নামচাই জিলাত দেউৰী আৰু মৰাণ জনগোষ্ঠীৰ বহু লোকে বসবাস কৰি আহিছে।

কিন্তু অসমৰ পৰা পৃথক কৰাৰ সময়ত এই লোকসকল বসবাস কৰি থকা অঞ্চলসমূহ অৰুণাচল প্ৰদেশৰ ভৌগলিক সীমাৰ ভিতৰত অন্তৰ্ভূক্ত হয়। কিন্তু অৰুণাচল প্ৰদেশৰ স্বীকৃতিপ্ৰাপ্ত জনজাতিৰ তালিকাভূক্ত নোহোৱাৰ বাবে এই দেউৰী আৰু মৰাণসকলৰ অৰুণাচলৰ স্থায়ী বাসিন্দা বুলি গণ্য কৰা নহয়। কিন্তু এমাহৰ পূৰ্বে অৰুণাচলৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে এই লোকসকলক পি আৰ চি প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ পাছতে জাঙুৰ খাই উঠে ৰাজ্যখনৰ আন আন জনজাতিয় সংগঠনসমূহ।

তেওঁলোকৰ মতে পি আৰ চি প্ৰদান কৰিলে প্ৰকৃত অৰুণাচলী জনগোষ্ঠীৰ প্ৰতি ভাবুকি আহিব আৰু অৰুণাচল প্ৰদেশত একমাত্ৰ অৰুণাচলী জনজাতিয়েহে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ পোৱাৰ যোগ্য বুলি দাবী কৰিছে। দল-সংগঠনসমূহৰ লগতে বিৰোধী ৰাজনৈতিক দলসমূহেও চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। উপায়ন্তৰ হৈ ৰাজ্য চৰকাৰে বিষয়টো চালিজাৰি চোৱাৰ বাবে অৰুণাচলৰ বন আৰু পৰিৱেশ মন্ত্ৰী নাবাম ৰেবিয়াৰ নেতৃত্বত এখন উচ্চ ক্ষমতা সম্পন্ন কমিটী গঠন কৰে।

এই কমিটীখনে যোৱা সপ্তাহত চৰকাৰৰ হাতত এখন প্ৰতিবেদন দাখিল কৰে আৰু কেবিনেটে সেই প্ৰতিবেদন গ্ৰহণ কৰি বিধানসভাত এখন বিধেয়ক দাখিলৰ প্ৰস্তুতি আৰম্ভ কৰে। ইতিমধ্যে ২১ ফেব্ৰুৱাৰীৰ পৰা অৰুণাচলৰ বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছে। আৰু এই অধিৱেশনতে এই বিধেয়কখন উত্থাপন কৰিব চৰকাৰে। কিন্তু চৰকাৰৰ এই কাৰ্যৰ বিৰোধিতা জনাই অৰুণাচল আইন ছাত্ৰ সন্থাৰ নেতৃত্বত ১৫ টাৰো অধিক আঞ্চলিক সংগঠনে বিধানসভা আৰম্ভ হোৱাৰ দিনটোতে আৰম্ভ কৰে ৪৮ ঘন্টীয়া ইটানগৰ কেপিলেট কমপ্লেক্স বন্ধৰ কাৰ্যসূচী।

বৃহস্পতিবাৰে পুৱাৰে পৰা আহ্বান কৰা এই বন্ধ কাৰ্যসূচীৰ বাবে ইটানগৰকে ধৰি নাহৰলগুন, নীৰজুলি, বান্দৰদেৱা আদিত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰে। বন্ধ সমৰ্থকে ঠায়ে ঠায়ে বাহনত আক্ৰমণ কৰি আইনা ভাঙি দিয়াৰ লগতে ঠায়ে ঠায়ে বাইক আৰোহীকো আক্ৰমণৰ লক্ষ্য কৰি লয়।

এই বন্ধত অৰুণাচলৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী কাৰ্যালয়ো বন্ধ আছে। প্ৰতিবাদকাৰী সকলে আনকি সচিবালয়ৰ সন্মুখত আৰক্ষীৰ গালৈও শিলগুটি নিক্ষেপ কৰাৰ ফলত আহত হয় কেইবাজনো আৰক্ষীৰ লোক। নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীক চত্ৰভংগ কৰাবলৈ শূণ্যলৈ গুলিচালনা কৰিব লগা হয়। ফলত এই গুলিচালনাত এজন প্ৰতিবাদকাৰী গুলিবিদ্ধ হৈ আহত হোৱাৰ পাছত শনিবাৰে তেওঁৰ মৃত্যু হোৱা বুলি খবৰ আহিছে।

শুকুৰবাৰে প্ৰতিবাদকাৰীৰ আক্ৰমণৰ ফলত অৰুণাচলৰ বিধানসভাৰ ভিতৰতে নিশালৈক আবদ্ধ হৈ থাকে মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপ-মুখ্যমন্ত্ৰী চাউনা মেইনসহ ২৪ জন মন্ত্ৰী-বিধায়ক। ইয়াৰ মাজতে ২২ ফেব্ৰুৱাৰীৰ পৰা ইটানগৰত আৰম্ভ হোৱা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ থলীলৈও প্ৰতিবাদকাৰীয়ে শিল নিক্ষেপ কৰে।

এই মহোৎসৱখন আবেলি ৫ বজাত পেমা খাণ্ডুৱে শুভ উদ্বোধন কৰাৰ কথা আছিল যদিও নিৰাপত্তাৰ স্বাৰ্থত বিধানসভাৰ চৌহদৰ পৰা ওলাবলৈ সাহস নকৰিলে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। ইয়াৰ বিপৰীতে নিশা ১১.৩০-১২.০০ বজাৰ ভিতৰত প্ৰতিবাদকাৰীয়ে আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱথলীত অগ্নিসংযোগ কৰাৰ লগতে মহোৎসৱথলীত থকা সকলো যান-বাহন জ্বলাই দিয়ে। এই চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ যোৱা অসমৰ কেইবাজনো কলা-কুশলী তথা চলচ্চিত্ৰ নিৰ্মাতা আবদ্ধ হৈ আছে ইটানগৰৰ এখন হোটেলত।

প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক ৰীমা দাসৰ 'বুলবুল কেন চিং' নামৰ ছবিখনৰ কলা-কুশলীসকলো ইটানগৰৰে এখন হোটেলত আবদ্ধ হৈ থকাৰ লগতে অসমৰ উৎপল বৰপূজাৰী, সচঞ্জীৱ ভূঞা, মঞ্জু বৰা, কিশোৰ নাথ, যদুমনি দত্ত আদি অসমৰ চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও ব্যক্তি নিৰাপদে ইটানগৰতে আবদ্ধ হৈ আছে বুলি খবৰ পোৱা গৈছে।

শুকুৰবাৰে নিশা প্ৰতিবাদকাৰীসকলে অসমৰ এটা জনপ্ৰিয় মিউজিক বেণ্ড 'এছ কে ডি'ৰ বহু সা-সমগ্ৰীৰ লগতে দুখনকৈ বাহনত অগ্নিসংযোগ কৰে। অগ্নি সংযোগ কৰা এই বাহন দুখনৰ নম্বৰ হৈছে- এএছ০১-এএইছ-৯০০৯ আৰু এএছ০১-জিচি-৬০৪৮। বেণ্ডটোৰ এজন সদস্যই 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক জনোৱা মতে, তেওঁলোকৰ প্ৰায় ৬ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হৈছে এই অগ্নিকাণ্ডত।

প্ৰাপ্ত খবৰ অনুসৰি, আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰতিবাদকাৰীৰ এই আক্ৰমণৰ ফলত প্ৰায় ১২০ কোটি টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে। আনহাতে শুকুৰবাৰৰ এই হিংসাত্মক ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আয়ুক্ত পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে পি আৰ চি বিষয়টোৰ ভুল ব্যাখ্যা দিয়া হৈছে বুলি মন্তব্য কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in