বিৰাট অঘটনঃ আতচবাজীৰ দোকানত অগ্নিকাণ্ড, ৫ জনৰ মৃত্যু…

বিৰাট অঘটনঃ আতচবাজীৰ দোকানত অগ্নিকাণ্ড, ৫ জনৰ মৃত্যু…

ডিজিটেল ডেস্কঃ তামিলনাডুত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত গুৰুতৰ ৰূপত আঘাতপ্ৰাপ্ত হৈছে ৫ জনকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছে কেইবাজনো লোক। তামিলনাডুৰ কাল্লাকুৰিচি জিলাৰ শংকৰপুৰম চহৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড। জানিব পৰা মতে এখন আতচবাজীৰ দোকানত সংঘটিত হৈছে এই ঘটনা।

আতচবাজীৰ দোকানখনত সংঘটতি হোৱা এই অগ্নিকাণ্ডৰ ফলত নিহত হোৱা প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে ৫ লাখকৈ টকাৰ সাহায্য ঘোষণা কৰিছে। আনহাতে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ পৰিয়াললৈ এম কে ষ্টেলিন চৰকাৰে ১ লাখকৈ আৰ্থিক সাহায্য আগবঢ়াইছে।

দিপাৱলীৰ পূৰ্বে এইদৰে আতচবাজীৰ দোকানত অগ্নিকাণ্ড সংঘটিত হৈ ৫ জনকৈ লোকৰ মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যখনত দিপাৱলীৰ আনন্দত ম্লান পেলাইছে। সকলোকে সাৱধানে দিপাৱলী উদযাপন কৰাৰ বাবে পৰমাৰ্শ আগবঢ়াইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in