শেহতীয়া খবৰ
ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ

সৰ্থেবাৰীত অগ্নিকাণ্ড, সংকটজনক অৱস্থাত এজনক জিএমচিলৈ প্ৰেৰণ

56

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভকুৱাটেপাৰ নাথ চুপাত শনিবাৰে দিনৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। পবিত্ৰ নাথ নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত পবিত্ৰ নাথৰ পত্নী পম্পী নাথ (২৩) সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হয়।

পাছত ততাতৈয়াকৈ পম্পী নাথক বৰপেটাৰ ফখৰউদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত পবিত্ৰ নাথ গুৱাহাটীত আছিল। এটি চাৰি বছৰীয়া পুত্ৰ সন্তানেৰে ঘৰত থকা পম্পী নাথ এই অগ্নিকাণ্ডত কেনেকৈ অগ্নিদগ্ধ হ’ল কাৰণ জানিব পৰা হোৱা নাই। ৰহস্যঘনিভূত এই অগ্নিকাণ্ডত প্ৰায় চাৰি লাখ টকাৰ সা-সম্পত্তিৰ ক্ষতি সাধন হোৱা বুলি ধাৰণা কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি