শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

দক্ষিণ কেলিফৰ্ণিয়াৰ মছজিদত ৰহস্যজনক অগ্নিকাণ্ড, সমীপত উদ্ধাৰ পত্ৰ…

210

ডিজিটেল ডেস্কঃ আমেৰিকাৰ দক্ষিণ কেলিফৰ্ণিয়াৰ এটা মছজিদত ভংয়কৰ অগ্নিকাণ্ড। ঘটনাস্থলীৰ কাষতেই উদ্ধাৰ এক পত্ৰ। এই পত্ৰখনত উল্লেখ আছিল নিউজিলেণ্ডত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ কথা। এগৰাকী আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত কয়- অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। আমি ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই ইছলামিক চেন্টাৰ অৱ এক্সোদিদোৰ সদস্যসকলে জুই নিৰ্বাপন কৰিছিল।

লগতে আৰক্ষী বিষয়াগৰকীয়ে জনায়- মছজিদত অগ্নিকাণ্ড সংঘটিত হৈছিল। এই অগ্নিকাণ্ড কোনে সংঘটিত কৰিলে তাৰ তদন্ত আমি চলাই আছো। আমি মছজিদৰ সমীপৰ পাৰ্কিঙত এখন পত্ৰ লাভ কৰিছো, য’ত নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চৰ দুটা মছজিদ চলোৱা আক্ৰমণৰ বিষয়ে লিখা আছে। এই আক্ৰমণত ৫০জনৰ মৃত্যু হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি