কেলিফৰ্ণিয়াত বনজুইৰ সন্ত্ৰাস, নিহতৰ সংখ্যা ৭৬ জনলৈ বৃদ্ধি

কেলিফৰ্ণিয়াত বনজুইৰ সন্ত্ৰাস, নিহতৰ সংখ্যা ৭৬ জনলৈ বৃদ্ধি

ডিজিটেল ডেস্কঃ আমেৰিকাৰ উত্তৰ কেলিফৰ্ণিয়াৰ জংঘলৰ বিয়পি পৰা বনজুইত নিহতৰ সংখ্যা ৭৬ জনলৈ বৃদ্ধি পাইছে৷ আনহাতে এই ভংয়কৰ অগ্নিকাণ্ডত ১৩০০ জনতকৈও অধিক লোক সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে৷

ইফালে শনিবাৰে নিশাৰ ভাগলৈ এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত ৫ জন লোকৰ মৃত্যু ঘটে৷ ঘটনাত সন্ধানহীন আৰু মৃতকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা বুলি জানিবলৈ দিছে ৰাষ্ট্ৰখনৰ দুৰ্যোগ প্ৰশমণ বিভাগে৷

ৰাষ্ট্ৰপতি ট্ৰাম্পে শনিবাৰে কেলিফৰ্ণিয়া ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়৷ লগতে দক্ষিণ কেলিফৰ্ণিয়াৰ বিভিন্ন অঞ্চলত জুই নিৰ্বাপনৰ বাবে অগ্নি নিৰ্বাপক বাহিনীক তৎপৰভাৱে কাম কৰিবলৈ নিৰ্দেশ দিছে৷

উল্লেখ্য যে ৮ নৱেম্বৰত কেলিফৰ্ণিয়াৰ অৰণ্যত সংঘটিত বনজুইয়ে নিকতৱৰ্তী অঞ্চলসমূহ সম্পূৰ্ণৰূপে ভস্মীভূত কৰে৷ এই গটনাত ১০ হাজাৰ বাসগৃহ ভস্মীভূত হোৱাৰ লগতে ৬০০ বৰ্গ কিলোমিটাৰ কৃষিভূমি সম্পূৰ্ণৰূপে জাহ যায়৷

ইয়াৰ পিছতে দুৰ্যোগ প্ৰশমণ বিভাগে ক্ষতিগ্ৰস্থ অঞ্চলসমূহৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ লগতে জুই নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ দক্ষিণ কেলিফৰ্ণিয়াৰ বিভিন্ন অঞ্চলত বনজুইৰ সন্ত্ৰাস হ্ৰাস পাইছে যদিও এতিয়াও কেইবাঠাইতো বনজুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি আছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in