ভয়ংকৰ অগ্নিকাণ্ড! কথমপি প্ৰাণ ৰক্ষা ক্ৰিকেটাৰ শ্ৰীশান্তৰ পত্নী-সন্তানৰ

ভয়ংকৰ অগ্নিকাণ্ড! কথমপি প্ৰাণ ৰক্ষা ক্ৰিকেটাৰ শ্ৰীশান্তৰ পত্নী-সন্তানৰ

ডিজিটেল ডেস্কঃ শনিবাৰে ভয়ংকৰ জুইয়ে চানি ধৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ এছ শ্ৰীশান্তৰ কোচিস্থিত বাসগৃহ। ঘৰৰ শোৱনি কোঠাৰ লগতে কেইবাটাও কোঠা জাহ যায় জুইত। প্ৰথমে ঘৰৰ গ্ৰাউণ্ড ফ্ল'ৰত নিশা ২ বজাত সূত্ৰপাত হৈছিল এই জুইৰ। তাৰ পিছতে ঘৰৰ আন আন ঠাইলৈ বিয়পি পৰে এই জুই।

জুইৰ সূত্ৰপাত হোৱাৰ সময়ত ঘৰত নাছিল খেলুৱৈগৰাকী। বৰ্তমানৰ লৈকে কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই। উল্লেখ্য যে, সেই সময়ত তেওঁৰ পত্নী, সন্তানৰ লগতে ২জনকৈ বনকৰা লোক বাসগৃহৰ প্ৰথম মহলাত উপস্থিত আছিল।

ঘৰটোৰ ভিতৰত আবদ্ধ হৈ থকা লোককেইজনক উদ্ধাৰ কৰে অগ্নিনিৰ্বাপক বাহিনীয়। প্ৰথমাৱস্থাত ঘৰৰ ভিতৰৰ পৰা ধোৱা ওলাই থকা দেখি আৰক্ষীক খবৰ দিছিল একাংশ চুবুৰীয়াই। কিয় এই জুইৰ সূত্ৰপাত হ'ল এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in