মণিপুৰত চিআইডিৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড…

মণিপুৰত চিআইডিৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড…

 ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা ২ বজাত মণিপুৰৰ পশ্মিম ইম্ফলৰ বাবুপাৰাস্থিত চিআইডিৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সুত্ৰপাত হৈছিল বুলি অনুমান কৰা হৈছে । পৰৱৰ্তী সময়ত ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে ।

ইতিমধ্যে অঞ্চলটোত থকা অনান্য কাৰ্যালয় সমূহত সতৰ্কহৈ থাকিবলৈ প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে । উল্লেখ্য যে,  উক্ত স্থানতে পশ্চিম ইমফল আৰক্ষী চকী , মণিপুৰ ৰাইফল, ইমফল সচিবালয় , বিএছএনএলৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয় আছে ।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in