২২ গৰাকীকৈ ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া পৰশ নাৰ্ছিংহোমৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ…

২২ গৰাকীকৈ ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া পৰশ নাৰ্ছিংহোমৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ…

২২ গৰাকীকৈ ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া পৰশ নাৰ্ছিংহোমৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণে দেশত সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতে চূড়ান্ত অমানৱীয়তাৰ পৰিচয় দাঙি ধৰা আগ্ৰাৰ পৰশ নাৰ্ছিংহোমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আগ্ৰাৰ জিলা প্ৰশাসনে। অক্সিজেন নাটনিৰ নাটক সৃষ্টি কৰি ২২ গৰাকীকৈ ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া পৰশ নাৰ্ছিংহোমৰ স্বত্বাধিকাৰী অৰিঞ্জয় জৈনৰ বিৰুদ্ধেও এফ আই আৰ দাখিল কৰিছে আগ্ৰাৰ জিলা প্ৰশাসনে। বিগত ২৬ এপ্ৰিলত নাৰ্ছিংহোমখনত অক্সিজেনৰ নাটনি সৃষ্টি কৰি ২২ গৰাকী ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ এই ঘটনা পোহৰলৈ আহিছিল মঙ্গলবাৰে।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এক ভিডিঅ'ত পৰশ নাৰ্ছিংহোমৰ স্বত্বাধিকাৰী অৰিঞ্জয় জৈনে কিদৰে ভুৱা 'মকড্ৰিল' কৰিছিল সেই বিষয়ে বৰ্ণণা দিছিল। স্বত্বাধিকাৰী জৈনৰ বৰ্ণণা অনুসৰি, বিগত ২৬ এপ্ৰিলৰ পুৱা ৭ বজাত ৫ মিনিটৰ বাবে নাৰ্ছিংহোমখনত অক্সিজেনৰ যোগান বন্ধ কৰি দিছিল। সেই সময়য়ত নাৰ্ছিংহোমখনত চিকিৎসা গ্ৰহণ কৰি থকা ২২ গৰাকী ৰোগীয়ে অক্সিজেনৰ অভাৱত উশাহ ল'ব নোৱাৰি ছটফটাবলৈ ধৰিছিল আৰু তেওঁলোকৰ শৰীৰ নীলা হৈ পৰিছিল। ইয়াৰ পিছতে নাৰ্ছিংহোমখনৰ আই ছি ইউত থকা বাকী থকা ৭৪ গৰাকী ৰোগীৰ অভিভাৱকসকলক তেওঁলোকৰ ৰোগৰীৰ বাবে অক্সিজেনৰ চিলিণ্ডাৰ নিজেই যোগাৰ কৰি আনিবলৈ নিৰ্দেশ দিছিল।

অৰিঞ্জন জৈনে নিজ মুখেৰে বৰ্ণণা কৰা এই ভুৱা মকড্ৰিলৰ ঘটনা ভাইৰেল হৈ পৰাৰ লগে লগে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। লগে লগে আগ্ৰাৰ ২ নং ৰাষ্ট্ৰীয় পথত থকা পৰশ নাৰ্ছিংহোমখনৰ স্বত্বাধিকাৰী অৰিঞ্জন জৈনক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন হৈছিল। ইয়াৰ পিছতে আগ্ৰাৰ জিলা মুখ্য চিকিৎসা বিষয়া ডাঃ আৰ চি পাণ্ডেই সংবাদ মাধ্যমৰ আগত কয়, অৰিঞ্জয় জৈনৰ কথাখিনি তেওঁলোকে গুৰুত্বসহকাৰে লৈছে আৰু তদন্তৰ বাবে এক কমিটি গঠন কৰি দিছে।

দেশ কপাই তোলা আগ্ৰাৰ এই ভুৱা মকড্ৰিলৰ ঘটনা সৃষ্টি কৰা পৰশ নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী অৰিঞ্জন জৈনৰ বিৰুদ্ধে বুধবাৰে আগ্ৰা জিলা প্ৰশাসনৰ ফালৰ পৰা এক গোচৰ ৰুজু কৰা হৈছে আৰু নাৰ্ছিংহোমখন ছিল কৰা হৈছে। আনহাতে নাৰ্ছিংহোমখনত থকা ৰোগীসকলক জিলাখনৰ আন আন চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ লগতে নতুনকৈ ৰোগীক ভৰ্তি কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও নাৰ্ছিংহোমখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰাকলৈয়ো জিলা প্ৰশাসনে চিন্তা চৰ্চা অব্যাহত ৰাখিছে বুলি খবৰ প্ৰকাশ পাইছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in