এইবাৰ বিতৰ্কিত সাংসদ আজম খানৰ মৃত মাতৃৰ বিৰুদ্ধেও গোচৰ ৰুজু, কাৰাগাৰৰ ভূমি বেদখলৰ অভিযোগ

এইবাৰ বিতৰ্কিত সাংসদ আজম খানৰ মৃত মাতৃৰ বিৰুদ্ধেও গোচৰ ৰুজু, কাৰাগাৰৰ ভূমি বেদখলৰ অভিযোগ

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বিতৰ্কিত এছ পি সাংসদ আজম খানৰ বিৰুদ্ধে বহু কেইটা গোচৰ চলি থকাৰ সময়ত এইবাৰ তেওঁৰ মৃত মাতৃৰ বিৰুদ্ধেও এটা গোচৰ ৰুজু কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। আৰক্ষীয়ে সদৰী কৰা মতে, আজম খানৰ মাতৃ আমিৰ জাহা বেগমৰ বিৰুদ্ধে কাৰাগাৰৰ ভূমি বেদখলৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে, আজম খানৰ মাতৃ আমিৰ জাহা বেগমৰ ৬ বছৰ পূৰ্বেই দেহাৱসান ঘটিছে।

যোগী চৰকাৰে ১৯৪৯ চনৰ দলিলৰ পৰ্যবেক্ষণ কৰাত পোহৰলৈ আহে যে আজম খানৰ মাতৃয়ে ইংৰাজ শাসন কালতে জেলত ফাঁচী প্ৰদানৰ নিৰ্ধাৰিত কৰা ভূমিত অবৈধভাৱে গৃহ নিৰ্মাণ কৰিছিল। কিন্তু চৰকাৰে আজম খানৰ মাতৃৰ বিৰুদ্ধে যিখিনি ভূমি বেদখল কৰা বুলি গোচৰ ৰুজু কৰিছে, সেই ভূমিত বৰ্তমান 'মিঞা খাঁ' নামৰ এটা বস্তি গঢ়ি উঠিছে। য'ত বছৰ বছৰ ধৰি হাজাৰোধিক লোকে বাস কৰি আহিছে।

আনহাতে আজম খানৰ সৈতে জড়িত এক সূত্ৰৰ ভাষ্য অনুসৰি, সেই ভূমিখিনি ২০০৭ চনত ৱাহিদ মিঞা নামৰ এজন ব্যক্তিয়ে আজম খানৰ মাতৃক বিক্ৰী কৰিছিল। তাৰ পূৰ্বে সেই ভূমিত ৱাহিদ মিঞাই বাস কৰিছিল। স্থানীয় লোকে সদৰী কৰা মতে, ইংৰাজৰ শাসনকালত কয়দী সকলৰ কৃষি কাৰ্যৰ বাবে কাৰাগাৰৰ ওচৰ পাজৰে থকা বহু পৰিমাণৰ ভূমি কাৰাগাৰৰ অন্তৰ্ভূক্ত কৰি লৈছিল। তেনে পৰিপ্ৰেক্ষিততে আজম খানৰ মাতৃয়ে বেদখল কৰা বুলি অভিযোগ উঠা ভূমি খিনিও কাৰাগাৰৰ অন্তৰ্ভূক্ত কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে।

ইফালে আন এক সূত্ৰ অনুসৰি, ইংৰাজ শাসনৰ অন্তত কাৰাগাৰৰ অন্তৰ্ভূক্ত ভূমি সমূহত লাহে লাহে বস্তি গঢ়ি উঠে আৰু হাজাৰোধিক লোকে নিগাজিকৈ থাকিবলৈ আৰম্ভ কৰে। তাৰে একাংশই পৰৱৰ্তী সময়ত সেই ভূমি অন্যক বিক্ৰীও কৰে। সেইদৰেই আজম খানৰ মাতৃকো ৱাহিদ মিঞা নামৰ ব্যক্তিজনে ভূমি খিনি বিক্ৰী কৰিছিল বুলি চিন্তা কৰাৰ থল আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in