জুবিনৰ বিৰুদ্ধে এজাহাৰ, এজাহাৰত আছে কি…

জুবিনৰ বিৰুদ্ধে এজাহাৰ, এজাহাৰত আছে কি…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা অডিঅ' ক্লিপ। তাৰ পিছতে সৃষ্টি হৈছে বিতৰ্কৰ। ভাইৰেল হৈ পৰা এই অডিঅ' ক্লিপটোৰ কণ্ঠক লৈও চলিছে চৰ্চা। বহুতৰে মতে এই কণ্ঠ অসমৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ যদিও আন একাংশৰ মতে জুবিনৰ কণ্ঠ নকল কৰি শিল্পীগৰাকীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে কোনো দুষ্ট পক্ষই।

শুকুৰবাৰে দেশৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰত ৰত্ন প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছিল। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ লগতে সুধাকণ্ঠ ভূপেন হাজৰিকা সহ তিনিগৰাকী ব্যক্তিলৈ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন'ৰে সন্মানিত কৰাৰ সিদ্ধান্ত লৈছিল।

এই খবৰক লৈ চৰ্চা হৈ থকাৰ সময়তে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অডিঅ' ক্লিপটো। য'ত জুবিন গাৰ্গে 'ভাৰত ৰত্ন'ৰ দৰে এটা সন্মানক অপমানসূচক মন্তব্য কৰা বুলি অভিযোগ উঠিছে।

সেই অভিযোগৰ বিৰুদ্ধে জুবিন গাৰ্গৰ এজাহাৰ দাখিল কৰিছে সত্যৰঞ্জন বৰা নামৰ এজন যুৱকে। লংকা থানাত দাখিল কৰা এজাহাৰ এইখন-

কিন্তু প্ৰশ্ন হৈছে এই কণ্ঠ জুবিনৰ হয়নে? তাক লৈও পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। কিয়নো জুবিনে ইতিমধ্যে সেই অডিঅ' ক্লিপৰ কণ্ঠ তেওঁৰ নহয় বুলি দাবী কৰিছে। লক্ষণীয় কথাটো হ'ল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জুবিনে প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ পিছতে ছ'চিয়েল মিডিয়াত জুবিন আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। এজাহাৰ দাখিল কৰা যুৱকজনে জুবিনৰ বিৰুদ্ধে কেইবাটাও ভিডিঅ' ছ'চিয়েল মিডিয়া যোগে প্ৰচাৰ চলাইছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in