বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে এজাহাৰ দাখিল এবিএমছুৰ 

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ গুৱাহাটী মহানগৰীত আলফা স্বাধীনে সংঘটিত কৰা বোমা বিস্ফোৰণৰ পিছত বিজেপিৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে কৰা আপত্তিজনক মন্তব্যক লৈ ক্ষুব্ধ হৈ পৰিছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু৷ হকে-বিহকে সাম্প্ৰদায়িক মন্তব্য কৰা বিধায়ক শিলাদিত্য দেৱক আনকি স্বয়ং মুখ্যমন্ত্ৰীয়ে জাতিগত বিভাজনত ব্যৱহাৰ কৰাৰো সন্দেহ প্ৰকাশ কৰিছে এবিএমছুৱে।

সততে সাম্প্ৰদায়িক মন্তব্য কৰা বিধায়কগৰাকীৰ বিৰুদ্ধে আজি কোকৰাঝাৰ সদৰ থানাত এবিএমছুৰ জিলা সম্পাদক আমিৰ আলীয়ে এজাহাৰ দাখিল কৰে। কোকৰাঝাৰ সদৰ থানাত আজি ছাত্ৰ সংগঠন এবিএমছুই বিধায়ক শিলাদিত্যই কৰা সাম্প্ৰদায়িক আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেনে মন্তব্যই শংকৰ-আজানৰ অসমত সাতামপুৰুষীয়া ভাতৃত্ববোধত আঘাত হানিব বুলি আক্ষেপ ব্যক্ত কৰে৷

এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জাইদুল ইছলামে বিধায়ক শিলাদিত্যই আলফাৰ বোমা বিস্ফোৰণৰ পিছতে ধুবুৰীত আপত্তিজনক মন্তব্য দাঙি ধৰি "ঈদৰ সময়ত মুছুলমান লোকৰ বসতিপ্ৰধান নতুবা ঈদগাহত বোমা ফুটোৱাৰ সাম্প্ৰদায়িক উচটনি দিয়াৰ মন্তব্যত তীব্ৰ প্ৰতিবাদ জনাই আজি বিধায়ক জনক গ্ৰেপ্তাৰৰ দাবীত কোকৰাঝাৰ সদৰ থানাত এবিএমছুৰ জিলা সম্পাদকে এজাহাৰ দিয়াৰ কথা সদৰী কৰে৷

সততে সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱক নাকী লগাব লাগে বুলি দাবী কৰি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিধায়ক শিলাদিত্যক সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পৰা বিৰত ৰখাৰ বাবেও আহ্বান জনাইছে এবিএমছুয়ে৷ অন্যথা শিলদিত্যক ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত সাম্প্ৰদায়িক মন্তব্যৰে জাতিগত বিভাজনৰ ৰাজনীতি কৰা বুলি ভাৱিবলৈ এবিএমছু বাধ্য হ'ব বুলি মন্তব্য কৰে।

তদুপৰি এজাহাৰত বিধায়ক শিলাদিত্যৰ কোনোবা উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পৰ্ক আছে বুলিও সন্দেহ প্ৰকাশ কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে এবিএমছুৱে। আজি কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰাৰ সময়ত এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ মুখ্য উপদেষ্টা জবান আলি আকন্দ, এবিএমছুৰ উপ সভাপতি আলি আজম শ্বেখ আৰু সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলিও উপস্থিত আছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in