শেহতীয়া খবৰ
তিহাৰ জেলতে পি চিদাম্বৰমৰ ৭৪ সংখ্যক জন্মদিন পালন, টুইটাৰত কলেঃ সংকটৰ দিশে দেশ, ভগৱানে ৰক্ষা কৰক...  •  কোকৰাঝাৰত ৰে'লৰ খুন্দাত গৃহৰক্ষী জোৱান নিহত...  •  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আছুৰ উদ্যোগত "এজন ছাত্ৰ এজোপা গছপুলি " শীৰ্ষক ব্যতিক্ৰমী অভিযান...  •  পূজাৰ অফাৰ, নতুন গাড়ী, আৰ্থিক মন্দাৱস্থা ইত্যাদি...  •  মেঘালয়ত পুনৰ ২ জন অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ..  •  ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ ৪ টা স্বৰ্ণ জয়...  •  ৰিহণ দৈমাৰীৰ সপোন পূৰণ নহ’ল! আঁতৰিব ফলক, মুখ্যমন্ত্ৰীয়েহে উদ্বোধন কৰিব জনস্বাস্থ্য বিভাগৰ নৱনিৰ্মিত ভৱন...  •  দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..  •  বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন…  •  ওদালগুৰিত পৰকীয়া প্ৰেমৰ নৃশংস পৰিণতি, মাতৃয়ে ডিঙি চেপি হত্যা কৰি জংঘলত দলিয়ালে ২১ মহীয়া কন্যা সন্তানক....

মিঞা পয়েট্ৰিঃ পাণবজাৰ থানাত হাফিজ আহমেদকে ধৰি ১০জনৰ বিৰুদ্ধে এফ আই আৰ…

1,727
  • এন আৰ চি প্ৰক্ৰিয়াত বিভ্ৰান্ত কৰা অসমীয়া জাতিক Xenophobic আখ্যাৰে অসন্মান কৰা সকলৰ বিৰুদ্ধে পুনৰ আন এক গোচৰ।
  • পাণবজাৰ থানাত এই গোচৰ ৰুজু কৰিছে প্ৰণৱজিৎ দ’লে নামৰ এজন ব্যক্তিয়ে।
  • মিঞা পয়েট্ৰিৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত অপপ্ৰচাৰ চলোৱাৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগনামা।
  • ‘লিখি লোৱা মই মিঞা’ কবিতাত মোৰ এন আৰ চিৰ ছিৰিয়েল নম্বৰ ২০৫৪৩ বুলি লিখাক লৈ আপত্তি।
  • অভিযোগকাৰীৰ মতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলি আছে এন আৰ চি উন্নতকৰণ প্ৰক্ৰিয়া।
  • এই প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈ কবিতাত এই নম্বৰ ব্যৱহাৰেৰে আদালত অৱমাননা কৰাৰ অভিযোগ।
  • মুঠ ১০ জনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।
  • তেওঁলোক ক্ৰমে- কবিতাটোৰ ৰচক হাফিজ আহমেদ, আনসকল হ’ল- ৰেহানা ছুলতানা, আব্দুৰ ৰহিম, আশ্ৰাফুল হুছেইন, আব্দুল কালাম আজাদ, কাজি নীল, ছেলিম এম হুছেইন, কৰিশ্মা হাজৰিকা, বৰ্ণমালিকা চৌধুৰী আৰু ফৰহাদ ভূঞা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি