হিমা দাসলৈ ১ লাখ, অম্লান বৰগোহাঁইলৈ ৫০ হাজাৰ টকাৰ সাহায্য…

হিমা দাসলৈ ১ লাখ, অম্লান বৰগোহাঁইলৈ ৫০ হাজাৰ টকাৰ সাহায্য…
  • হিমা দাস আৰু অম্লান বৰগোহাঁইলৈ আৰ্থিক সাহায্য।
  • অসম এথলেটিকছ সন্থাই ঘোষণা কৰিলে এই সাহায্য।
  • ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত দুয়ো গৰাকী এথলিটে লাভ কৰিছিল সফলতা।
  • ২০০ মিটাৰত হিমাই লাভ কৰিছিল ৰূপৰ পদক।
  • আনহাতে অম্লান বৰগোহাঁইয়ে লাভ কৰে স্বৰ্ণ পদক।
  • ইয়াৰ উপৰিও হিমাই দেশক প্ৰতিনিধিত্ব কৰিব বাৰ্মিংহাম কমনৱেলথ গেমছত।
  • দুয়োগৰাকী খেলুৱৈৰ সফলাতৰ বাবে অসম এথলেটিকছ সন্থাই আগবঢ়ালে এই আৰ্থিক সাহায্য।
  • হিমালৈ আগবঢ়োৱা হৈছে ১ লাখ টকাৰ সাহায্য।
  • আনহাতে অম্লান বৰগোঁহাইলৈ ৫০হাজাৰ টকাৰ আৰ্থিক সাহায্য।
  • সংবাদ মাধ্যমৰ আগত অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে জনালে এই কথা।
  • আনহাতে অসম এথলেটিকছ সন্থাই অনুষ্ঠিত কৰিছে মাৰাথান দৌৰ প্ৰতিযোগিতা।
  • ২৩ জুনত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in