শেহতীয়া খবৰ
কোনে হত্যা কৰিছিল দিল্লীৰ চোৰাংচোৱা বিষয়া অংকিত শৰ্মাক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য...  •  যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা  •  দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ  •  সম্পন্ন হ'ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত...  •  টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ

কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ঘোষণাঃ চৰকাৰী বেংকসমূহক দিয়া হ’ব ৭০হাজাৰ কোটি টকা…

1,191

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে শুকুৰবাৰে দেশৰ আৰ্থিক ব্যৱস্থাৰ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, আমাৰ দেশৰ বিকাশৰ হাৰ অন্য দেশৰ তুলনাত অধিক। বৰ্তমান সময়ত আমেৰিকা আৰু জাৰ্মানৰ বিকাশো হ্ৰাস পোৱা দেখা গৈছে। গ্ল’বল জিডিপিৰ হাৰ এতিয়া ৩.৪ শতাংশ। আমেৰিকা-চীনৰ ব্যৱসায়িক যুদ্ধৰো প্ৰভাৱ কৰিছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমনে লগতে কয়- আমি টেক্স জমা কৰণৰ প্ৰক্ৰিয়াও বহু সুবিধাজনক কৰিলো। আৰু সংশোধনৰ প্ৰক্ৰিয়া অব্যাহত আছে। এতিয়া আপোনলোকক কোনো বিষয়াই হাৰাশাস্তি কৰিব নোৱাৰে। এতিয়া য’তেই সন্দেহ থাকিব, তাতেই তদন্ত কৰা হ’ব। আৰু ৪৮ ঘণ্টাৰ ভিতৰত তদন্তৰ সমীক্ষা জাৰি কৰা হ’ব। চৰকাৰে সৰ্বসাধাৰণক হাৰাশাস্তি কৰা কথাটো সত্য নহয়। আৰু কোম্পানী এক্ট অনুসৰি ১৪০০০ হাজাৰ গোচৰ ঘূৰাই পঠিওৱা হৈছে।

নিৰ্মলা সীতাৰমনে সংবাদমেলখনত আৰু কয়- ক’ৰ্পৰেট ছ’শল জবাবদিহি আইন সংশোধন কৰা হ’ব। চিএছআৰ উলংঘা কৰিলে তাক অপৰাধ হিচাপে ধৰা নহ’ব। তদুপৰি বৰ্তমানলৈ জাৰি কৰা সকলো নটীছৰ কাম কাজ ১ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

লগতে বিত্তমন্ত্ৰীগৰাকীয়ে কয়- চৰকাৰী বেংকসমূহক ৭০ হাজাৰ কোটি টকা প্ৰদান কৰাৰ হ’ব। ৰেপ’ ৰেটৰ সৈতে সুদৰ হাৰ সংযোগ কৰা হ’ব। ৰেপ’ ৰেট কম হোৱাৰ পাছত গৃহ আৰু বাহনৰ ক্ষেত্ৰত লোণসমূহৰ ৰেহাই বৃদ্ধি হ’ব। আৰু ঋণৰ সকলো আৱেদন অনলাইন চাব পৰা হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি