গোৱালপাৰাত মন্ত্ৰী অজন্তা নেওগৰ কোভিডত স্বামীহাৰা মহিলাক ২.৫ লাখ টকাকৈ চেক প্ৰদানঃ অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয় উদ্বোধন

গোৱালপাৰাত মন্ত্ৰী অজন্তা নেওগৰ কোভিডত স্বামীহাৰা মহিলাক ২.৫ লাখ টকাকৈ চেক প্ৰদানঃ  অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয় উদ্বোধন

ডিজিটেল সংবাদ গুৱাহাটীঃ সোমবাৰে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে কোভিডত স্বামীহাৰা হোৱা জিলাখনৰ ২৪ গৰাকী মহিলাক ২.৫ লাখ টকাকৈ চেক প্ৰদান কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্যত কয় যে, মহিলাসকলক সামাজিক আৰু আৰ্থিক নিৰাপত্তা প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ একান্ত প্ৰচেষ্টাত 'কোভিড স্বামীহাৰা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনি' শীৰ্ষক এক আঁচনি ৰূপায়ণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ অংশ হিচাপে আজি মই আপোনালোকৰ মাজত এই চেক প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ।

তেওঁ লগতে কয় যে, নিজৰ স্বামীক হেৰুওৱাৰ বেদনা অত্যন্ত মৰ্মান্তিক। ময়ো মোৰ স্বামীক হেৰুওৱাৰ দিনা চিন্তা কৰিছিলো আগন্তুক দিনবোৰ কেনেকৈ অতিবাহিত কৰিম। মই আপোনালোকৰ দুখৰ সমভাগী হ'বলৈ আজি ইয়ালৈ আহিছো।কোভিড-১৯ত স্বামীহাৰা হোৱা মহিলাসকলৰ দুখৰ সৈতে আমাৰ চৰকাৰ সমভাগী হৈছে। এইখন আচলতে আঁচনি নহয়, দুখৰ সময়ত আপোনালোকৰ পৰিয়ালবৰ্গলৈ অকণমান আৰ্থিক সাহায্য আগবঢ়োৱাৰ উদ্দেশ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোক যাতে সমাজত সন্মান সহকাৰে জীয়াই থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এয়া আমাৰ চৰকাৰৰ ক্ষুদ্ৰ প্ৰয়াস। আমি নাৰী, আমি হতাশ হ'লে নহ'ব। আপোনালোক আপোনালোকৰ সন্তানৰ বাবে জীয়াই থাকিব লাগিব আৰু তাৰ বাবে আপোনালোক এতিয়াৰ পৰা আৰু অধিক শক্তিশালী হ'ব লাগিব।

ইয়াৰ উপৰিও তেওঁ কয় যে, আমি পূৰ্বেও বহু সমস্যাৰ সন্মুখীন হৈছো, কিন্তু কোভিড মহামাৰীৰ দৰে সমস্যাৰ আমি প্ৰথম মুখামুখি হৈছো। আমি আশা ৰাখিছো আগন্তুক দিনবোৰত আমি কোভিডক প্ৰতিহত কৰিবলৈ সক্ষম হ'ম। কোভিড মহামাৰীক প্ৰতিহত কৰাৰ স্বাৰ্থতে আমি টীকাকৰণত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছো। এই ক্ষেত্ৰত আপোনালোক সকলোৱে টীকাকৰণৰ বাবে আগবাঢ়ি আহিব লাগিব।

মন্ত্ৰীগৰাকীয়ে ল গতে উল্লেখ কৰে যে, কোভিড-১৯ ত মৃত্যু হোৱা সকলোকে সামৰি এখন আঁচনিৰ বাবে ইতিমধ্যে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটত পুঁজি ধাৰ্য কৰা হৈছে আৰু এই 'প্ৰাৰ্থনা' শীৰ্ষক আঁচনিখন ইতিমধ্যে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উৎসৰ্গা কৰিছে।

উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহৰ অনুষ্ঠানৰ পিছতে অভিভাৱক মন্ত্ৰীগৰাকীয়ে গোৱালপাৰা পুৰণি আৱৰ্ত ভৱনৰ এটা কোঠাত অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয় মুকলি কৰে। সভাত ৰাভা হাছং স্বায়ত্ব পৰিযদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলম, দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, গোৱালপাৰা জিলাৰ উপায়ুক্ত মিনাক্ষী দাস নাথ, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত উপায়ুক্তসকলৰ লগতে জিলাখনৰ শীৰ্ষ বিষয়াসকল আৰু হিতাধিকাৰীসকলৰ নিকটআত্মীয় উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in