নামতিত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গোলাঘাটৰ নৰ্থ ইষ্ট একাদশৰ জয়লাভ…

নামতিত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গোলাঘাটৰ নৰ্থ ইষ্ট একাদশৰ জয়লাভ…


ডিজিটেল সংবাদ, নামতিঃ শিৱসাগৰ জিলাৰ নামতি চাৰি আলি যুৱ সমাজৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা সদৌ অসম ভিত্তিত চতুৰ্থদশ দিবা-নৈশ মেগাপ্রাইজমণি ক্রিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ১১ ফেব্ৰুৱাৰীৰ নিশা সফল সামৰণি পৰে | উজনি অসমৰ "মিনি আই. পি. এল" হিচাপে সংবাদ মাধ্যমত চৰ্চা লাভ কৰা টেনিচবল ক্ৰিকেট প্ৰতিযোগিতাৰ চুড়ান্ত খেল উপভোগ কৰিবলৈ আহিছিল প্ৰায় বিশ হাজাৰৰো অধিক দৰ্শক।

যোৰহাট "ফুডভিলা" একাদশ আৰু গোলাঘাটৰ "নৰ্থ ইষ্ট" একাদশ দলৰ মাজত অনুষ্ঠিত খেলখনৰ আৰম্ভণিতে বহুকেইজন বিশিষ্ট ব্যক্তিক সন্মান জনোৱা হয় | তদুপৰি শিৱসাগৰৰ সন্মিলিত ছোৱালী হুচৰী দলে পৰিবেশন কৰা বিহু হুচৰী, খৰাঁগড় যোগ দলে প্ৰদৰ্শন কৰা সমূহীয়া যোগাসন আৰু শিৱসাগৰ মহিলা দলে পৰিবেশন কৰা জনগোষ্ঠীৰ লোকনৃত্যই সকলোকে আপ্লুট কৰে | আলিম আহমেদে আঁত ধৰা উক্ত অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে যুৱ সমাজৰ সভাপতি হাফিজ আহমেদে |

আনহাতে, নিশা প্ৰায় দহ বজাৰ পৰা আৰম্ভ হোৱা খেলখনৰ শুভউদ্বোধন কৰে অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকাই | উক্ত উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, মূখ্য ভূ-তত্ববিদ জি.পি ২৩ৰ কে.জ্জতে, অসম প্ৰদেশ যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ময়ূৰ বৰগোঁহাই, নামতি প্ৰেছ গীল্ডৰ সভাপতি বিমল গগৈ, সম্পাদক মনোজ কুমাৰ বৰুৱা, সাংবাদিক সংস্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক জয়জ্যোতি গগৈ, কালুগাঁও প্ৰেছ ক্লাৱৰ সভাপতি ৰাজকুমাৰ শ্ৰী কনচেং, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চফিউৰ ৰহমানৰ লগতে ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে |

অসমৰ মুঠ ৩২ টা দলৰ মাজত অনুস্থিত হোৱা খেলখনৰ সর্বমুঠ প্রাইজমণি আছিল ৩,০৩,৩৩৩ ( তিনি লাখ তিনি হাজাৰ তিনি শ তেত্ৰিছ ) টকা | ইফালে, যোৰহাটৰ "ফুডভিল্লা" একাদশ আৰু গোলাঘাটৰ "নৰ্থ ইষ্"ট একাদশৰ মাজত অনুস্থিত হোৱা খেলখনত "ফুডভিল্লা" একাদশে প্রথমে বেটিং কৰি ৫৬ ৰাণৰ লক্ষ্য বান্ধি দিয়ে | "নৰ্থইষ্ট" দলে ৬ উইকেটেৰ বিনিময়ত ৫ অভাৰ ৩ টা বলত উক্ত চূড়ান্ত খেলখনত জয় লাভ কৰে |

খেলখনৰ মেন অৱ দা মেচ লাভ কৰে কমল গগৈয়ে | খেলখনৰ মূখ্য আকৰ্ষণ মেন অৱ দা চিৰিজ সোণৰ ট্ৰফী লাভ কৰে মান্না আখটাৰে | উল্লেখ যে, খেলখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউতে খেলপথাৰখন পৰিদৰ্শন কৰি এটা উন্নত মানদণ্ডৰ শৌচাগাৰ আৰু টিউবেল প্ৰদান কৰাৰ লগতে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই নামতি চাৰিআলি যুৱ সমাজৰ যোগেদি বৃহত্তৰ নামতি বাসীলৈ এখন এম্বুলেন্স প্ৰদান কৰে |

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in