যাদুনগৰী মায়ঙত বৰষাক বৰমালা পিন্ধালে ভাস্কৰেঃ আপুনি চালেনে বিয়াৰ PHOTO…

যাদুনগৰী মায়ঙত বৰষাক বৰমালা পিন্ধালে ভাস্কৰেঃ  আপুনি চালেনে বিয়াৰ PHOTO…

ডিজিটেল ডেস্কঃ অৱশেষত সম্পন্ন হ'ল বৰষা-ভাস্কৰৰ বিয়া। মায়ঙৰ ঐতিহাসিক গৰঙা মন্দিৰত বৰমালা পিন্ধাই ভাস্কৰে অধাংগিনী হিচাপে স্বীকৃতি দিলে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াক। সোমবাৰে মূল বিবাহ কাৰ্যসূচী সম্পন্ন হয় যদিও শনিবাৰে নিশাৰে পৰা আৰম্ভ হৈছ বিবাহৰ বিভিন্ন ৰীতি-নীতি।

বৰষা-ভাস্কৰৰ বিয়া সম্পন্ন হোৱাৰ পাছতে এতিয়া ছচিয়েল মিডিয়া ভৰি পৰিছে অসংখ্য অনুৰাগীৰ শুভেচ্ছাবাণীৰে। সকলোৱে বৰষা-ভাস্কৰক যুগ্মজীৱনৰ বাবে জনাইছে অফুৰন্ত শুভকামনা।

সখীৰ সৈতে দৰা

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে লাভ কৰা খবৰ অনুসৰি, বৰষা-ভাস্কৰৰ বিয়াৰ কোনো ভিডিঅ সংগ্ৰহৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। দেওবাৰে নিশা ৮বজাতে আহি প্ৰশান্তি হোটেলত জিৰণি লৈছে বৰযাত্ৰী। ১২টাকৈ ৰূম বৰযাত্ৰীৰ বাবে বুকিং কৰা হৈছিল।

দৰাৰ বাহন

ইফালে বৰষা-ভাস্কৰৰ বিয়াত সমবেত হৈছে বিভিন্ন ক্ষেত্ৰৰ বহু চিনাকি মুখ। সাংস্কৃতিক জগতৰ উপৰিও ৰাজনৈতিক, সাহিত্য ক্ষেত্ৰৰো বহু লোক বৰষা-ভাস্কৰক একাজলি আৰ্শীবাদ দিবলৈ উপস্থিত হৈছে বিবাহস্থলীত।

কইনা ঘৰৰ পদুলিত

উল্লেখ কৰা প্ৰয়োজন যে, কেইবাবছৰ ধৰি সম্পৰ্কত আছিল বৰষা আৰু ভাস্কৰ। ছচিয়েল মিডিয়াৰ জৰিয়তে দুয়োৰে মাজত চিনাকি হৈ পাছলৈ বন্ধুত্ব, আৰু শেষত দুয়োৱে বিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাস্কৰ হৈছে পেছাত এগৰাকী শিক্ষক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in