টিকট শেষ! ৰণবীৰ, অক্ষয়, বৰুণ, মাধুৰী আৰু ছানী লিয়নী ১৫ ফেব্ৰুৱাৰীত আহি আছে গুৱাহাটীলৈ…

টিকট শেষ! ৰণবীৰ, অক্ষয়, বৰুণ, মাধুৰী আৰু ছানী লিয়নী ১৫ ফেব্ৰুৱাৰীত আহি আছে গুৱাহাটীলৈ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ মাজত মাত্ৰ এটা দিন। ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিব বলিউডৰ লগতে অসমৰো কেবাগৰাকী জনপ্ৰিয় শিল্পী। অসমৰ শিল্পীসকলৰ ভিতৰত জুবিন গাৰ্গ, সীমা বিশ্বাস আৰু নিপন গোস্বামীৰ লগতে আন কেবাগৰাকী উপস্থিত থাকিব।

উপস্থিত থকাৰ কথা নিশ্চিত কৰিছে বলিউডৰ শিল্পী অক্ষয় কুমাৰ, ৰণবীৰ সিং, বৰুণ ধাৱান, বিকী কৌশল, কৰণ জোহাৰ, কাৰ্তিক আৰিয়ান, ৰাজকুমাৰ ৰাও, সিদ্ধান্ত চতুৰ্বেদী, আলি ফজল, মনীষ পাল, সুৰুজ পাঞ্চালী, আয়ুষ্মান খুৰানা, সুজয় ঘোষ, অনুভৱ সিনহা, মাধুৰী দীক্ষিত, ভূমি পাডনেকাৰ, তাপসী পান্নু, জাহ্নবী, পৰিনীতি চোপ্ৰা, পূজা হেগড়ে, ছানী লিয়নী, ৰাধিকা আপটে, অন্যন্যা পাণ্ডে আৰু ৰিশা চাড়াই।

ইতিমধ্যে সৰুসজাইত সাজু কৰা হৈছে অনুষ্ঠানৰ মূল মণ্ডপ। বৃহস্পতিবাৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি সদৰি কৰা অনুসৰি বলিউডৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত অসমৰ শিল্পীসকলকো এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে।

ৰীমা দাসে অনুষ্ঠানত বিশেষ কাৰণবশত উপস্থিত থাকিব নোৱাৰে বুলি জনোৱাৰ লগতে আদিল হুছেইন আৰু অংগৰাগ পাপন মহন্তই উপস্থিত থকাৰ সম্পৰ্কত এতিয়াও জনোৱা নাই অসম পৰ্যটন নিগমক। উল্লেখ্য যে, সংবাদমেলত অধ্যক্ষগৰাকীয়ে লগতে কয়, টিকটসমূহ প্ৰায় বিক্ৰী কৰি শেষ হৈছে। লাখ টকা মূল্যৰ কেইটামান টিকটহে বিক্ৰী কৰিবলৈ বাকী আছে। ইফালে বিক্ৰী হোৱা টিকটৰ প্ৰায় ৯০ শতাংশ অসমতে বিক্ৰী হৈছে বুলিও তেওঁ কয়।

সকলো লোকৰে সহায়-সহযোগিতা কামনা কৰি জয়ন্ত মল্ল বৰুৱাই লগতে কয়, আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তকে আদি কৰি অসমৰ প্ৰায় ১৫০ গৰাকী শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব ফিল্মফেয়াৰত। অনুষ্ঠানত বাতৰি পৰিৱেশনত সাংবাদিকসকলৰ বাবে বিভিন্ন ক্ষেত্ৰত কিছু কিছু অসুবিধা আছে যদিও বৰঝাৰ বিমানবন্দৰত দৃশ্য সংগ্ৰহত সাংবাদিকসকলৰ বাবে বিশেষ সুবিধা থাকিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in