বিশিষ্ট চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই বীৰ লাচিতকলৈ নিৰ্মান কৰিব চিনেমা…

বিশিষ্ট চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই বীৰ লাচিতকলৈ নিৰ্মান কৰিব চিনেমা…

ডিজিটেল ডেস্ক : আহি আছে বীৰ লাচিত । কেমেৰাত বন্দী হ'ব শৰাইঘাটৰ যুদ্ধৰ নায়কৰ জীৱন কাহিনী । আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱাই নিৰ্মান কৰিব অসমীয়া জাতিৰ বীৰ পুৰুষ তথা আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱনক লৈএখন ছবি ।

উল্লেখ যোগ্য যে ১৯৬১ চনতো বীৰ লাচিতকলৈ এখন ছবি নিৰ্মান কৰা হৈছিল । বুৰঞ্জী মুলক এই ছবিৰ পৰিচালক আছিল লক্ষ্যধৰ চৌধুৰী । তাৰ পিছত পুনৰ লাচিত বৰফুনৰ জীৱনক লৈ আন এখন ছবি নিৰ্মান কৰিবলৈ ঘোষনা কৰিছে জাহ্নু বৰুৱাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in