ভাৰতত হ’বলগীয়া ফিফা ১৯-অনূৰ্ধৰ মহিলা বিশ্বকাপ-২০২০ বাতিল…

ভাৰতত হ’বলগীয়া ফিফা ১৯-অনূৰ্ধৰ মহিলা বিশ্বকাপ-২০২০ বাতিল…

ডিজিটেল ডেস্কঃ ভাৰতত চলিত বৰ্ষৰ নবেম্বৰত অনুষ্ঠিত হ'ব লগীয়া ফিফা ১৯ অনূৰ্ধৰ মহিলা বিশ্বকাপ বাতিল কৰা হৈছে। কোৰোনা সৃষ্ট পৰিৱেশৰ বাবে এই বিশ্বকাপ ২০২১লৈ স্থগিত কৰা হৈছিল যদিও, পৰিস্থিতি লাহে লাহে স্বাভাৱিক নোহোৱাত ফিফাই ভাৰতত হ'বলগীয়া বিশ্বকাপখন অৱশেষত বাতিল কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে, ২০২০ৰ এই প্ৰতিযোগিতা বাতিল কৰাৰ পাছত ভাৰততে ২০২২চনত ১৭ অনূৰ্ধৰ মহিলা বিশ্বকাপ অনুষ্ঠিত কৰা হ'ব। আনহাতে, ক'স্তাৰিকাত ২০ অনূৰ্ধৰ মহিলা বিশ্বকাপ অনুষ্ঠিত কৰা হ'ব বুলি জানিব পৰা গৈছে। ২০২২ত ভাৰতত হ'ব লগীয়া এই বিশ্বকাপত অংশগ্ৰহণ কৰিব ১৬খন দেশে। ভাৰতৰ পাঁচ স্থান ক্ৰমে আহমেদাবাদ, ভূৱনেশ্বৰ, গুৱাহাটী, কলকাতা আৰু নৱী মুম্বাইত খেলা হ'ব মেচ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in