সেৰফাংগুৰীত আক্ৰাছুৰ ২০ তম শ্বহীদ দিৱস উদযাপন, শ্বহীদসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

সেৰফাংগুৰীত আক্ৰাছুৰ ২০ তম শ্বহীদ দিৱস উদযাপন, শ্বহীদসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

ডিজিটেল সংবাদ, কোকৰাঝাৰ: অহা ৩০ দিনৰ ভিতৰত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ কাম প্ৰায় সম্পূৰ্ণ হ'ব । আক্ৰাছুৰ ১৪ গৰাকী শ্বহীদ পৰিয়ালৰ নিকটাত্মীয়লৈ ৫ লাখকৈ এককালীন আৰ্থিক সাহাৰ্য আগবঢ়োৱা হ'ব । এই মন্তব্য প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

কোকৰাঝাৰ জিলাৰ আক্ৰাছুৰ উদ্যোগত আৰু সেৰফাংগুৰী-ৰামফলবিল আঞ্চলিক আক্ৰাছুৰ সহযোগত আজি সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা আক্ৰাছুৰ ২০ তম শ্বহীদ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উক্ত মন্তব্য প্ৰকাশ কৰিছে । ইয়াৰোপৰি ঐতিহাসিক কমতাপুৰৰ ভূমি এক বিশেষ সম্প্ৰদায়ৰ ওচৰত আৰু বিক্ৰী নকৰিবলৈ আহ্বান জনাই ইতিমধ্যে সেই বিশেষ সম্প্ৰদায়ে ছলে বলে কৌশলে কমতাপুৰৰ ভূমিতে কোচ ৰাজবংশীক সংখ্যালঘূত পৰিণত কৰা বুলি মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

আক্ৰাছুৰ নেতৃবৰ্গক একত্ৰিত হ'বলৈ আহ্বান জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে- মহাৰাজ নৰনাৰায়ন কোচ , বীৰ চিলাৰায়ে দেখুৱাই যোৱা ৰাস্তাৰে খোজ কাঢ়ি কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হব লাগে । গোলকগোঞ্জত এখন ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হব বুলি মন্তব্য কৰি উচ্চশিক্ষাত কোচ ৰাজবংশীৰ বাবে আসন সংৰক্ষণ কৰা হব । ধুবুৰী , গোৱালপাৰা , দক্ষিণ শালমাৰা এলেকাত কোচ ৰাজবংশী জনগোষ্ঠী ক্ৰমান্বয়ে এতিয়া সংখ্যালঘূত পৰিণত হৈছে আৰু সেয়েহে আক্ৰাছুৰ উদ্যোগত এক বিশেষ সম্প্ৰদায়ক মাটি -বাৰী বিক্ৰী নকৰাৰ বাবে জাতীয় আন্দোলন হব লাগে বুলি মন্তব্য কৰি ৫০ বছৰ বা এশ বছৰ পূৰ্বে দক্ষিণ শালমাৰাৰ দৰে অঞ্চলবোৰো কোচ ৰাজবংশীৰ মাটি আছিল বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই । বড়ো , ৰাভা , বামুন , কলিতা , কাৰ্বি -ডিমাছা আদি আমাৰ শত্ৰু নহয় বৰং যিসকলৰ বাবে অবিভক্ত গোৱালপাৰা জিলাত কোচ ৰাজবংশী সকলে সংখ্যালঘূত পৰিণিত হৈছে সিহঁতক মাটি বিক্ৰী নকৰিবলৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই । তদুপৰি বিটআৰত কোন থাকিব , কোন নাথাকিব সেয়া এবাৰ গণতান্ত্ৰিকভাৱে সিদ্ধান্ত হওঁক বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শৰ্মাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যা সমাধানৰ প্ৰক্ৰিয়া প্ৰায় অন্তিম পৰ্যায়ত বুলি উল্লেখ কৰি এইক্ষেত্ৰত সকলো জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনা কৰা হৈছে বুলি মত প্ৰকাশ কৰে। অখিল গগৈৰ জামিন আৱেদন নাকচ হোৱাৰ পিছত অখিল গগৈৰ মাতৃয়ে তেওঁলোকক গুলিয়াই মাৰক বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো মাতৃলৈ প্ৰণাম বুলি বিষয়টোৰ পৰা ফালৰি কাটে ।

আক্ৰাছুৰ ২০ তম শ্বহীদ দিৱস দিৱস উপলক্ষে সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা মুকলি সভাত আদৰণি ভাষণ দি আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে কয় যে কমতাপুৰ ৰাজ্য পুণৰগঠন আৰু জনজাতিকৰণ অৱিহনে আক্ৰাছু কেতিয়াও ক্ষান্ত নহয় । ১৪ গৰাকী শ্বহীদৰ একাংশ নিকটাত্মীয়ক সম্বৰ্ধনা জ্ঞাপন কৰি শ্বহীদৰ আত্মবলিদান অথলে যাবলৈ দিয়া নহব বুলি মন্তব্য কৰি জীৱেশ ৰায়ে আক্ৰাছুৱে নিজ লক্ষ্যৰ পৰা এক ইঞ্চিও বিচলিত নহয় বুলি মন্তব্য কৰে । সমস্যাৰে ভৰপুৰ জনগোষ্ঠীটোৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাই জীৱেশ ৰায়ে অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন আৰু জনজাতিকৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ মঞ্চত উপবিষ্ট থকা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাইছে ।

আক্ৰাছুৰ ২০ তম শ্বহীদ দিৱস দিৱস উপলক্ষে সেৰফাংগুৰীৰ কলবাৰীত অনুষ্ঠিত হোৱা মুকলি সভাত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে নিজ ভাষণত কয় যে সমস্যাৰে ভৰপুৰ জনগোষ্ঠীৰ সমস্যা সমাধানৰ্থে সকলোৱে নিজৰ সংগ্ৰাম আগবঢ়াই নিছে আৰু জনগোষ্ঠীৰ সংগ্ৰামৰ প্ৰতি এবছুৰ সমৰ্থন আছে ।

ইপিনে আক্ৰাছুৰ উপদেষ্ঠা হিতেশ্বৰ বৰ্মনে সংবাদ মাধ্যমৰ আগত কয় যে- বিজেপি চৰকাৰৰ মনোভাৱ কেনে ধৰণৰ তাক জানিবৰ বাবেই হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱা হৈছিল আৰু আজি হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ পৰা চৰকাৰৰ মনৰ ভাৱ প্ৰকাশ পাইছে । চিলাৰায়ৰ নামত ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা বক্তব্যত আদৰণি জনাইছো বুলি মন্তব্য কৰি জনজাতিকৰণৰ ক্ষেত্ৰত বিষয়টো এৰাই চলি প্ৰতিবেদন সন্দৰ্ভতো একো নকলে বুলি অভিযোগ কৰে হিতেশ্বৰ বৰ্মনে । তদুপৰি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদক ভিলেজ কাউন্সিল দৰে বনোৱাৰ পৰিকল্পনাক গৰিহণা দি ১৮ টা বিভাগৰ সলনি ২৮ টা বিভাগ লাগিবই বুলি দাবী উত্থাপন কৰি কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ যাতে ঘোলা কণীলৈ ৰূপান্তৰ নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰখা হব বুলি মন্তব্য কৰিছে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে ।

উল্লেখ্য যে, কাৰ্যসূচী অনুসৰি ৰাতিপুৱা সন্থাৰ পতাকা উত্তোলন কৰে আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায় , চিলাৰায় সেনাৰ পতাকা উত্তোলন কৰে চিলাৰায় সেনাৰ উপ সেনাধ্যক্ষ দ্বীপজ্যোতি ৰায় চৌধুৰী, নৱনিৰ্মিত শ্বহীদবেদী শুভ উদ্বোধন কৰে আক্ৰাছুৰ উপদেষ্ঠা হিতেশ্বৰ বৰ্মন আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে আক্ৰাছুৰ সাধাৰণ সম্পাদক জীৱেশ ৰায়ে ।

আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সঞ্চালক ড° পৰশমনি সিনহা , নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথ , চাওতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিমান চৰেন , সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহানবাজ হুছেইনৰ লগতে কেবাটাও সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in