প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ নামেৰে ষ্টেডিয়াম, বিৰাট কোহলীৰ নামেৰে পেভিলিয়ন ষ্টেণ্ডঃ দিল্লীত নামাকৰণ সমাৰোহ

প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ নামেৰে ষ্টেডিয়াম, বিৰাট কোহলীৰ নামেৰে পেভিলিয়ন ষ্টেণ্ডঃ দিল্লীত নামাকৰণ সমাৰোহ

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামৰ নাম সলনি কৰা হ'ব। সদ্য প্ৰয়াত দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অৰুণ জেটলীৰ নামেৰে নামাংকিত কৰা হ'ব ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামৰ। সেই উপলক্ষ্যে দিল্লীত আয়োজিত এক বিশাল সমাৰোহত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, নেতা আৰু বিশেষ ব্যক্তিসকল।

গৃহমন্ত্ৰী অমিত শ্বাহ, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰৱি শাস্ত্ৰী, অধিনায়ক বিৰাট কোহলী, অভিনেত্ৰী অনুস্কা শৰ্মা উপস্থিত থকা এই বিশেষ সমাৰোহতে ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামৰ নাম সলনি কৰি অৰুণ জেটলী ষ্টেডিয়াম ৰখা হ'ব। আনহাতে ষ্টেডিয়ামখনৰ এটা পেভিলিয়ন ষ্টেণ্ড ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ নামেৰে নামাকৰণ কৰা হ'ব বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ দেহাৱসানৰ পিছত তেওঁৰ স্মৃতিত এখন ষ্টেডিয়ামৰ নাম তেওঁৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় চৰকাৰে। মোডী চৰকাৰৰ এই সিদ্ধান্তৰ কংগ্ৰেছকে ধৰি বিৰোধীয়া বিৰোধিতা কৰে যদিও বিভিন্ন জনে ইয়ালৈ সমৰ্থনো আগবঢ়ায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in