অভিষ্কা… অসমে পালে আন এগৰাকী মহিলা পাইলট

অভিষ্কা… অসমে পালে আন এগৰাকী মহিলা পাইলট

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যলৈ আহিছে এটা ভাল খবৰ। অভিষ্কা বৰুৱাৰ ৰূপত অসমে পালে আন এগৰাকী মহিলা পাইলট। তেওঁ চলাব আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বিমান। দিল্লীৰ পৰা ডুবাইৰ আব্বুধাবিলৈ যোৱা এই বিমান চলাব অসম কন্যা অভিষ্কা বৰুৱাই।

২০১৫চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ দৌলতৰাম মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল অভিষ্কাই। তাৰপিছতে অৰ্থনীতিত স্নাতক অভিষ্কাই উৰা মাৰিছিল আমেৰিকালৈ।

আমেৰিকাৰ ফ্ল'ৰিডাৰ পাইলট ট্ৰেইনিং চেণ্টাৰত ১০মাহ বিমান উৰণৰ প্ৰশিক্ষণ লৈছিল অভিষ্কা বৰুৱাই। সম্প্ৰতি অভিষ্কা নিয়োজিত হৈ আছে জেট এয়াৰৱেজত।

উল্লেখ্য যে অভিষ্কাৰ স্বামীও এগৰাকী বিমান চালক। অভিষ্কাক এই দিশত আগবাঢ়ি যাবলৈ প্ৰেৰণা দিছিল তেওঁৰ স্বামীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in