অসম লেখিকা সমাজৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা…

অসম লেখিকা সমাজৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা…

ডিজিটেল সংবাদ গুৱাহাটীঃ অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত কৰি কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাৰ উদ্যোগ লয় অসম লেখিকা সমাজে। তাৰে পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা লেখিকা সমাজৰ তৰফৰ পৰা অশ্লেষা শৰ্মা ,নিশা শৰ্মা,অনুসূয়া ঠাকুৰীয়াক,তিনিচুকীয়া জিলা লেখিকা সমাজৰ তৰফৰ পৰা অন্বেষা বৰাক,ডিব্ৰুগড় জিলা লেখিকা সমাজৰ তৰফৰ পৰা প্ৰিয়ানুজ শইকীয়া, বহ্নিমান গগৈক, শিৱসাগৰ জিলা লেখিকা সমাজৰ তৰফৰ পৰা আব্দুল ছাঈম ৰহমানক, নলবাৰী জিলা লেখিকা সমাজৰ তৰফৰ পৰা ভূয়সী মেধি, মূৰ্ছনা বৰ্মণ, জ্যোতি হালৈ,ধিতিস্মৃতা ডেকা আৰু জিঞ্জাসা চক্ৰৱৰ্তীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

প্ৰত্যেক জিলাৰ লেখিকা সমাজৰ সভাপতি-সম্পাদক প্ৰমুখ্যে কিছু সংখ্যক বিষয়ববীয়া কৃতী ছাত্র-ছাত্ৰীসকলৰ ঘৰলৈ গৈ ওচৰ চুবুৰীয়া বিশিষ্ট ব্যক্তিসকলৰ সৈতে অনুষ্টুপীয়াকৈ সভা পাতি ছাত্ৰ বা ছাত্ৰী গৰাকীক এখনি চেলেং,অভিনন্দন পত্ৰ,কিতাপৰ টোপোলা, কলম,মিঠাই টোপোলা আদি দি সম্বৰ্ধনা জনোৱা হয়। সভা সমূহত কেন্দ্ৰীয় সমিতিৰ সভাপতি পদুমী গগৈ, কাৰ্যকৰী সভাপতি ৰেণু মহন্ত,উপ-সভাপতি দীপ্তি গগৈ বৰুৱা, ৰেখা গগৈ শইকীয়া,প্ৰধান সম্পাদক বৰ্ণালী দত্ত বৰা,কোষাধক্ষ্য ৰত্না ৰংচেহনপী, আৰু জিলা সমিতিৰ তৰফৰ পৰা মধুমিতা দত্ত,মিনু দাস,জ্যোতি মালাকাৰ,পাপৰি কলিতা, প্ৰণিতা দেৱী, নীলুফা য়াছমিন আদি বহু সংখ্যক বিষয় ববীয়া-সদস্য উপস্থিত থাকে।

কেন্দ্ৰীয় সমিতিৰ সভাপতি পদুমী গগৈয়ে কয় যে- নতুন প্ৰজন্মক পবিত্ৰ অন্তৰেৰে উৎসাহিত কৰি তেওঁলোকে যাতে সুন্দৰ চিন্তা চেতনাৰে উদ্বুদ্ধ হৈ দেশ আৰু সমাজলৈ অনবদ্য বৰঙণি আগবঢ়াব পাৰে তাৰ বাবে এই উদ্যোগ লোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in