ৰঙালী বিহু উপলক্ষে হাটশিঙিমাৰীত জ্যেষ্ঠ নাগৰিকক শাখা সাহিত্য সভাৰ সম্বৰ্ধনা…

ৰঙালী বিহু উপলক্ষে হাটশিঙিমাৰীত জ্যেষ্ঠ নাগৰিকক শাখা সাহিত্য সভাৰ সম্বৰ্ধনা…

ডিজিটেল সংবাদ,দক্ষিন শালমাৰা : অসমীয়া জাতিৰ বাপতিসাহোন হেঁপাহৰ ৰঙালী বিহু আৰু নতুন বছৰ উপলখে আজি হাটশিঙিমাৰী আৰু মানকাচৰ শাখা সাহিত্য সভাৰ পৰা জিলা খনৰ মুঠ ৮ গৰাকী জ্যেষ্ঠ নাগৰিক ফুলাম গামোছাৰে সম্ভৰ্ধনা জনাই মানপত্ৰ দিয়া হয়।

উল্লেখযোগ্য যে হাটশিঙিমাৰী শাখা সাহিত্য সভাৰ পৰা সুখকৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুছ সাহিদ আহমেদ, অৱসৰপ্ৰাপ্ত বিষয়া শিক্ষক আব্দুল কাছেম শেখ সহ হাটশিঙিমাৰী অঞ্চলৰ মুঠ চাৰি জন জ্যেষ্ঠ নাগৰিক আৰু মানকাচৰ শাখা সাহিত্য সভাৰ পৰা চাৰি গৰাকী জ্যেষ্ঠ নাগৰিকক এই সম্ভৰ্ধনা জনোৱা হয়। প্ৰতি বছৰে ৰাঙলী বিহুৰ দিনা এইদৰে হাটশিঙিমাৰী আৰু মানকাচৰ শাখা সাহিত্য সভাৰ পৰা জ্যেষ্ঠ নাগৰিক সকলক সম্ভৰ্ধনা জনোৱা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in