শেহতীয়া খবৰ
চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা  •  ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...  •  দিল্লী আৰক্ষীৰ নতুন আয়ুক্তৰূপে এছএন শ্ৰীবাস্তৱক নিযুক্তি…  •  কোনে হত্যা কৰিছিল দিল্লীৰ চোৰাংচোৱা বিষয়া অংকিত শৰ্মাক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য...

‘খেল’ ইণ্ডিয়া-২০২০’ত বকোৰ ভলীবল খেলৰ খেলুৱৈ নুৰ আলম আৰু আব্দুল কৰিমক নিজ বাসগৃহত সম্বৰ্দ্ধনা

507

ডিজিটেল সংবাদ, বকোঃ ‘খেল’ ইণ্ডিয়া-২০২০’ৰ ভলীবল খেলৰ অসমৰ খেলুৱৈ কামৰূপ জিলাৰ বকোৰ দুই ককায়েক-ভায়েক নুৰ আলম আৰু আব্দুল কৰিমক শনিবাৰে নিজা বাসগৃহত সম্বৰ্দ্ধনা জনায় নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠকে। পুৱা প্ৰায় ১০.৩০ বজাত খেলুৱৈ দুগৰাকীৰ জামলাই গাঁৱৰ বাসগৃহত উপস্থিত হৈ জিলা পৰিষদৰ সদস্যা গৰাকীয়ে খেলুৱৈ দুগৰাকীক ফুলাম গামোচা, ফুলাম জাপি আৰু এটা ভলীবলেৰে সম্বৰ্দ্ধনা জনাই তেওঁলোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰে।

সম্বৰ্দ্ধনা অনুষ্ঠানত জামলাই কল্যাণপুৰ পঞ্চায়ত সভানেত্ৰী ৰেজিয়া চুলতানা, জমলাই হাইস্কুলৰ সহকাৰী শিক্ষক লোকমান আলী, ৱাৰ্ড সদস্য ক্ৰমে- ছহিদুল ইছলাম, বিমলা খাতুন, অৱসৰ প্ৰাপ্ত শিক্ষক মমিনুদ্দিন আহমেদ আদিকে ধৰি বিশিষ্ট লোকসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে, ৯ জানুৱাৰী পৰা অনুষ্ঠিত হোৱা ‘খেল’ ইণ্ডিয়া-২০২০’ত ভলীবল খেলত অসমৰ দলটোত খেলিবলৈ সুযোগ লাভ কৰিছে জামলাই গাঁৱৰ দুই ককাই-ভাই ক্ৰমে- নুৰ আলম আৰু আব্দুল কৰিমে। অতি পিচপৰা আৰু আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ সন্তান ভলীবল খেলুৱৈ দুগৰাকীৰ নুৰ আলমে কাপোৰ চিলাই নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ত অধ্যয়ণৰ লগতে খেলৰ খা-খৰছ উলিয়ায়। ভাতৃ আব্দুল কৰিমেও কৃষি কাৰ্যৰ সৈতে জড়িত। দুয়ো গৰাকী ককায়েক-ভায়েকে নিজৰ গাঁওখনতে সমনীয়াৰ সৈতে ভলীবল খেলা আৰম্ভ কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি