দেউতাঃ দ্য’ চুপাৰ হিৰ’

দেউতাঃ দ্য’ চুপাৰ হিৰ’

● পংকজ শৰ্মা

"A father is a man who expects his child to be as good a man as he meant to be." ―Frank A. Clark

পিতৃত্ব এনে এক বিশাল পৰিধি যাক ভাষাৰে প্ৰকাশ কৰা কঠিন। পিতৃত্ব যিদৰে নিজৰ ভিতৰতে এক গৌৰৱ, তেনেদৰে সন্তানৰ বাবেও পিতৃ এখন সাগৰৰ সমান। যাৰ পৰিধি অপৰিসীম। প্ৰত্যেকজন পিতৃয়েই নিজৰ সন্তানৰ বাবে একো একোজন হিৰ'। শৈশৱৰ বেটমেন, চুপাৰমেন বা স্পাইডাৰমেনতকৈ দেউতা বোলা মানুহজন কোনো গুনেই যেন কম নহয়।

'দেউতাই কৰিব নোৱাৰা কাম একো নাই।' -এই ধাৰণা সৰুতে প্ৰতিজন শিশুৰ মনতেই জাগে। কিয়নো এজন দেউতাক সন্তানৰ বাবে কেৱল দেউতাকেই নহয়, এজন হিৰ'ও। এই হিৰ'জনে লাগ বুলিলেই তেওঁলোকৰ সকলো ইচ্ছা পূৰণ কৰিব পাৰে। আনি দিব পাৰে তেওঁলোকৰ পচন্দৰ আইচক্ৰীমটো বা পুতলাটো।

কেৱল সেয়াই জানো? দেউতা বোলা মানুহজনেইতো তেওঁলোকৰ বাবে এক নিৰাপত্তা। সকলো সময়তে তেওঁলোকৰ ওচৰত থিয় হৈ থকা মানুহজনেই দেউতা। যাৰ বাহিৰখন কঠিন সঁচা, কিন্তু মনৰ ভিতৰত থাকে অযুত মৰম।

এজনী ছোৱালী আৰু দেউতাকৰ কাহিনী এয়া- ছোৱালীজনীয়ে দেউতাৰ সৈতে ফুৰিবলৈ গৈছিল। গৈ গৈ তেওঁলোকে এখন দলং পালে। দলংখন পাৰ হ'বলৈ লোৱাৰ সময়ত দেউতাকে ছোৱালীজনীক ক'লে- 'মইনা তুমি মোৰ হাতত ধৰি লোৱা।' কিন্তু ছোৱালীজনীয়ে তাৰ উত্তৰ দিলে- 'নহয় দেউতা, তুমি মোৰ হাতত ধৰি লোৱা। কিয়নো মই ধৰিলে যদি মই ভয় খাও তোমাৰ হাতখন এৰি দিব পাৰো। কিন্তু মই জানো তুমি মোৰ হাত কেতিয়াও নেৰা।' -এয়াই সেই ছোৱালীজনীৰ দেউতাৰ প্ৰতিথকা ভৰষা। তাই জানে, দেউতাক এনে এজন হিৰ', যিয়ে যিমান বাধা-বিপদ নাহিলেও নিজৰ সন্তানৰ সংগ কেতিয়াও নেৰে।

ঘৰলৈ আলহী আহিলে সৰুতেআমাক সুধিছিল- কোনে বেছি মৰম কৰে? দেউতা নে মায়ে? তাৰ উত্তৰত আমি সদায় মা বুলিয়েইকৈছিলো। কিয়নো মাই আমাক মৰম কৰিছিল। বুকুৰ মাজত লৈ শুৱাইছিল। ভুল কৰিলেও গালিনাপাৰিছিল। কিন্তু দেউতা তেনে নহয়। আমাক মৰম কৰি ওচৰত নিচুকাবলৈ দেউতাৰ সময় নাই।ভুল কৰিলে আমাক গালি পাৰে। পৰীক্ষাত ভাল নম্বৰ আনিব নোৱাৰিলে খং কৰে।

কিয় খং কৰিছিল আমাক দেউতাই? সেই কথা আমি তেতিয়া উপলব্ধি কৰিব নোৱাৰিলেও এতিয়া বুজো দেউতাৰ খঙৰ কাৰণ। আমাৰ ওচৰত দেউতাই থকাৰ সময় পোৱা নাছিল। কিয়নো আমাৰ অভাৱবোৰ পূৰণৰ বাবে তেওঁ কাম কৰিছিল। আমাক ভাল মানুহ কৰি তুলিবলৈ শিক্ষা দিছিল দেউতাই। খং কৰিছিল- যাতে ভুলবোৰ পুনৰ নহওক। আমিবোৰ মানুহ হৈ গঢ় ল'ব পাৰো।

সময় সলনি হৈছে। সময়ৰলগে লগে সলনি হৈছে সকলো। সলনি হৈছে সম্পৰ্কৰ দৃষ্টিভংগী। আজিৰ এনে পৰিবৰ্তনকামীসময়ত সম্পৰ্কবোৰ কেৱল যেন এক মৌখিক চুক্তিলৈ ৰূপান্তৰিত হৈছে। লাহে লাহে মনৰ পৰামনৰ দূৰত্ব বৃদ্ধি পাইছে। আগৰ পিতাই এতিয়া পপছ, ডেড হৈ পৰিছে। মা আজিকালৈ মমছ হৈপৰিছে।

কিন্তু যি সম্বোধন নকৰিলেও পিতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্ক ভাগি যোৱা নাই। হয়তো কংক্ৰীটৰ ব্যস্ত জীৱন ব্যৱস্থাই তাত কিছু প্ৰভাৱ পেলাইছে। আগতে পিতৃ-মাতৃৰ বুকুৰ উমত নিশা টোপনি যোৱা সন্তানে এতিয়া বৰ্ডিং স্কুলৰ বন্ধ কোঠাত অকেলই টোপনি যায়। আগতে দেউতাকৰ চাইকেলৰ আগত উঠি টিলিঙা বজাই হাটলৈ যোৱা সন্তানটোৱে এতিয়া দামী গাড়ীত উঠি শ্বপিং মলত বজাৰ কৰে।

এনে কাৰণতে পিতৃ-মাতৃ আৰু সন্তানৰ সম্পৰ্কৰ মাজত যে কিছু প্ৰভাৱ পৰিছে সেয়া সত্য। যাৰ ফলো পিছত ভূগিৱ লগা হয় পিতৃ-মাতৃয়ে। পিতৃ-মাতৃৰ মৰমৰ পৰা আঁতৰি কোনো বৰ্ডিং স্কুলৰ অনুশাসনৰ মাজত ডাঙৰ দীঘল হোৱা এই সন্তানসকল এদিন যান্ত্ৰিক হৈ পৰে। এনে সন্তানসকলেই এদিন সম্পৰ্ক পাহৰি কোনো বৃদ্ধাশ্ৰমত এলাগী কৰি পেলাই থৈ আহে পিতৃ-মাতৃক।

এনে সন্তানসকলৰ বাবে নিজৰ পিতৃ-মাতৃক স্মৰণ কৰাৰ বাবেই লাগে এটা বিশেষ দিন। সেই দিনটোত ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি হেপী ফাডাৰ্ছ ডে', মাদাৰছ ডে' বুলি কৈ এবাৰ পিতৃ-মাতৃক স্মৰণ কৰা হয়। তাৰ পিছত পুনৰ পাহৰি গৈ নিজকে ব্যস্ত কৰি তোলা হয় নিজৰ লগত।

পিতৃ দিৱসো তেনে এটাই দিন, যিটো দিনত এবাৰ স্মৰণ কৰা হয় সেই মানুহজনক, যিয়ে সন্তানৰ ভৱিষ্যতৰ বাবে নিজৰ ভৱিষ্যটোকো এদিন পাহৰি গৈছিল। যাৰ হাতৰ মুঠিত গজি উঠিছিল আমাৰ কণমানি আঙুলিবোৰ। সেইজন মানুহেই আমাৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰে। আমি কষ্ট পাম বুলি দুখ কৰে। তেনে এজন মানুহক মনত পেলাবলৈ পিতৃ দিৱসৰ দৰে এটা দিন কেনেকৈ যথেষ্ট হ'ব পাৰে?

পিতৃ-মাতৃক স্মৰণ কৰিবলৈ এটা নিৰ্দিষ্ট বিশেষ দিনৰ প্ৰয়োজন নহয়। এই দিনবোৰ তেওঁলোকৰ বাবেহে যিয়ে পিতৃ-মাতৃৰ পৰা সংস্পৰ্শৰ পৰা আতৰি ডাঙৰ দীঘল হৈছে। তেওঁলোকক এনে এটা দিনৰ জৰিয়তে মনত পেলাই দিয়া হয় পিতৃ-মাতৃৰ কথা। কিন্তু সাধাৰণ সন্তানৰ বাবে পিতৃ সদায় মাটিৰ ইশ্বৰ। দেউতা নহয়, দেৱতা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in