পুত্ৰৰ নিৰ্মম লাঠিৰ প্ৰহাৰত মৃত্যু হ’ল পিতৃৰ, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পুত্ৰক…

পুত্ৰৰ নিৰ্মম লাঠিৰ প্ৰহাৰত মৃত্যু হ’ল    পিতৃৰ, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পুত্ৰক…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত শালেকী বস্তুিত সংঘটিত হৈছে এক নিশংস হত্যাকাণ্ড । ৰাহুল ৰায় নামৰ ২৩ বছৰীয়া যুৱকৰ লাঠিৰ নিৰ্মম প্ৰহাৰত গুৰুতৰ ভাৱে আহত হয় বিষ্ণু ৰায় নামৰ ৪৮ বছৰীয়া ব্যক্তি । দুয়ো সম্পৰ্কত পিতা পুত্ৰ ।

তাৎক্ষণিক ভাৱে প্ৰথমে লিডু ক্ষুদ্ৰ প্ৰাৰ্থমিক চিকিৎসালয় আৰু পাছত তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে নিহত হয় । নিশা সংঘটিত হয় এই ঘটনা । মাকৰ সৈতে কাজিয়া কৰি থকাৰ বাবেই খঙৰ বশবৰ্তী হৈ পুতেকে দেউতাকক প্ৰহাৰ কৰা বুলি প্ৰকাশ কৰিছে । পুৱা লি়ডু আৰক্ষীয়ে ধৃত ৰাহুলক গ্ৰেপ্তাৰ কৰিছে । ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in