গৃহকন্দল! মোডীভক্ত পিতৃয়ে কংগ্ৰেছৰ টিকট লাভ কৰা পুত্ৰক কৰিলে ‘ত্যাজ্যপুত্ৰ’

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ দলীয় মতভেদক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ এগৰাকী পিতৃয়ে পুত্ৰৰ লগত ছেদ কৰিছে সম্পৰ্ক। কিয়নো পিতৃ বিজেপিৰ এগৰাকী সক্ৰিয় নেতা। তাৰ বিপৰীতে ২০১৯ৰ নিৰ্বাচনত তেওঁৰ পুত্ৰই প্ৰাৰ্থিত্ব লাভ কৰিছে কংগ্ৰেছৰ পৰা। এনে পৰিস্থিতিত পৰিয়ালটোৰ পিতা-পুত্ৰৰ মাজত সৃষ্টি হোৱা দলীয় মত বিৰোধৰ বাবে অৱশেষত পিতৃয়ে পুত্ৰৰ সৈতে কোনো সম্পৰ্ক নৰখাৰ আনুষ্ঠানিক ঘোষণা কৰে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক জয়বীৰ সিঙৰ পুত্ৰ অৰবিন্দ কুমাৰ সিঙক কংগ্ৰেছ নেতৃত্বই গৌতম বুদ্ধ সমষ্টিৰ পৰা টিকট প্ৰদানৰ কথা শনিবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। ইয়াৰ পিছতে জয়বীৰ সিঙে কংগ্ৰেছৰ বিৰুদ্ধে পৰিয়ালৰ মাজত ৰাজনৈতিক মতভেদ সৃষ্টি কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰে।

পিতৃ জয়বীৰ সিঙে পুত্ৰ অৰবিন্দ কুমাৰ সিঙক কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ আহ্বান জনায় যদিও পিতৃৰ কথা মানি ল'বলৈ অমান্তি হয় অৰবিন্দ। যাৰ বাবে বিজেপি পিতৃয়ে কংগ্ৰেছ পুত্ৰৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈও কুণ্ঠাবোধ নকৰে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিজেপি নেতাগৰাকীয়ে কয়, 'মোৰ পত্নী, ৩ পুত্ৰ, আনকি মোৰ ভতিজাসকলো বিজেপিৰ সদস্য। আমি নৰেন্দ্ৰ মোডীৰ অনুগামী। তেনে ক্ষেত্ৰত মোৰ যদি এজন পুত্ৰই আমাৰ পৰিয়ালৰ এই অনুগামিতাক উপহাস কৰি কংগ্ৰেছলৈ যায়, তেন্তে তেওঁৰ সৈতে সম্পৰ্ক ৰখাটো মই উচিত বুলি নাভাবো।'

ইফালে, পিতৃৰ এই সিদ্ধান্তৰ পিছতে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰা অৰবিন্দ কুমাৰে কয়, 'দলীয়া চিন্তাধাৰা সম্পূৰ্ণ পৃথক। মই বিজেপিক বেয়া পাও। উন্নয়নৰ নামত বিজেপিয়ে যিধৰণে জনতাক ঠগি আহিছে, তাৰ বিৰুদ্ধে গৈ মই কংগ্ৰেছত যোগদান কৰিছিলো। এতিয়া কংগ্ৰেছ নেতৃত্বই মোক প্ৰাৰ্থিত্ব প্ৰদানৰ সিদ্ধান্ত লৈছে। মই ইয়াত সুখী।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in