ভাৰতীয় পেচাৰ বুমৰাহলৈ সৰ্বশ্ৰেষ্ঠ পুৰুষ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ পলী ওমৰীগৰ সন্মান, পুনম যাদৱলৈ সৰ্বশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰৰ বঁটা

India's Jasprit Bumrah celebrates after taking the final wicket for victory in the 2019 Cricket World Cup group stage match between Bangladesh and India at Edgbaston in Birmingham, central England, on July 2, 2019. (Photo by Dibyangshu Sarkar / AFP) / RESTRICTED TO EDITORIAL USE        (Photo credit should read DIBYANGSHU SARKAR/AFP/Getty Images)
India's Jasprit Bumrah celebrates after taking the final wicket for victory in the 2019 Cricket World Cup group stage match between Bangladesh and India at Edgbaston in Birmingham, central England, on July 2, 2019. (Photo by Dibyangshu Sarkar / AFP) / RESTRICTED TO EDITORIAL USE (Photo credit should read DIBYANGSHU SARKAR/AFP/Getty Images)

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহক ২০১৮-২০১৯ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটাৰ পলী ওমৰীগৰ বঁটা প্ৰদান কৰা হ'ব। দেওবাৰে মুম্বাইত অনুষ্ঠিত হ'বলগা বিচিচিআইৰ বাৰ্ষিক সন্মিলনত ক্ৰিকেটাৰগৰাকীক প্ৰদান কৰা হ'ব এই পুৰস্কাৰ।

পেচ বলাৰ যশপ্ৰীত বুমৰাহৰ দুৰ্দান্ত বলিং প্ৰদৰ্শনেৰে ২০১৯ বৰ্ষত কেইবাখনো আন্তৰাষ্ট্ৰীয় মেচত জয়ী হ'বলৈ সক্ষম হৈছিল ভাৰত। পলী ওমৰীগৰ বঁটা প্ৰদানৰ বাবে নিৰ্ধাৰণ কৰা সময় ১ অক্টোবৰ, ২০১৮ৰ পৰা ৩০ ছেপ্তেম্বৰ, ২০১৯লৈ। এই সময়ছোৱাত বুমৰাহে ৩০ খন মেচত ৭৩ টা আন্তৰাষ্ট্ৰীয় উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।

যোৱা বৰ্ষত অষ্ট্ৰেলিয়াৰ সৈতে অনুষ্ঠিত টেষ্ট শৃংখলাত সবাতোকৈ অধিক উইকেট দখল কৰিবলৈ সক্ষম হৈছিল বুমৰাহে। তেওঁ ৪ খন টেষ্ট মেচত ২১টা উইকেট দখল কৰি ২-১ৰ ব্যৱধানত ভাৰতক বিজয়ী সাব্যস্ত কৰাত অগ্ৰণী ভূমিকা পালন কৰিছিল। ২০১৯ৰ বিশ্বকাপ ক্ৰিকেটতো বুমৰাহে তেওঁৰ আঙুলিৰ যাদুৰে সকলোকে মোহিত কৰি ৰাখিবলৈ সক্ষম হয়। বিশ্বকাপত ২৬ বৰ্ষীয় বুমৰাহে ৯ খন মেচত ১৮টা উইকেট লাভ কৰি ভাৰতৰ বাবে অধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হয়।

বুমৰাহৰ দুৰ্দান্ত বলিং প্ৰদৰ্শনৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাতো। বুমৰাহে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্ট হেট্ৰিক দখল কৰাৰ লগতে মাত্ৰ ২ খন মেচত ১৩ উইকেট লাভ কৰিবলৈ সক্ষম হয়। কিন্তু তাৰ পিছতে তেওঁ পিঠিৰ বিষত আক্ৰান্ত হোৱাত আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা তেওঁক আঁতৰাই ৰখা হয়। তথাপিও আইচিচি এদিনীয়া শৃংখলাত শ্ৰেষ্ঠ বলাৰৰ তালিকাত বুমৰাহে শীৰ্ষ স্থান অধিকাৰ কৰাৰ লগতে আইচিচি টেষ্ট ৰেকিঙত ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয় বুমৰাহে।

চেতেশ্বৰ পুজাৰা

২০১৮-১৯ বৰ্ষৰ বাবে সৰ্বশ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ পলী ওমৰীগৰ বঁটা লাভৰ উপৰিও যশপ্ৰীত বুমৰাহক টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী খেলুৱৈৰূপে দিলীপ সৰদেশাই বঁটা প্ৰদান কৰা হ'ব বুলিও জানিব পৰা গৈছে। চেতেশ্বৰ পুজাৰাক ২০১৮-১৯ বৰ্ষত সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈৰূপে দিলীপ সৰদেশাই বঁটা প্ৰদান কৰা হ'ব।

পুনম যাদৱ

ইফালে, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ পুনম যাদৱক এইবাৰ প্ৰদান কৰা হ'ব সৰ্বশ্ৰেষ্ঠ মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ অৱ দ্য ইয়েৰ সন্মান। ২০১৯ বৰ্ষত পুনম যাদৱে সীমিত অভাৰৰ খেলত ভাৰতৰ হৈ দখল কৰিছিল মুঠ ৩৪টাকৈ আন্তৰাষ্ট্ৰীয় উইকেট। ইয়াৰে ১৪টা উইকেট তেওঁ ৮ খন এদিনীয়াত আৰু ১০টা উইকেট ১৫ খন মহিলা টি-২০ত দখল কৰিবলৈ সক্ষম হৈছিল পুনম যাদৱে। পুনম যাদৱৰ উপৰিও স্মৃতি মন্ধানা আৰু ঝুলন গোস্বামীক ক্ৰমে- মহিলা এদিনীয়াত সৰ্বাধিক ৰান সংগ্ৰহকাৰী আৰু সৰ্বাধিক উইকেট দখল কৰিবলৈ সক্ষম হোৱা মহিলা খেলুৱৈ ৰূপে পুৰস্কৃত কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in