নলবাৰীত অসম চৰকাৰৰ ‘মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা’ৰ শুভাৰম্ভনি

নলবাৰীত অসম চৰকাৰৰ ‘মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা’ৰ শুভাৰম্ভনি

ডিজিটেল সংবাদ, নলবাৰীঃ অসম চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ অন্যতম 'মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনা'ৰ বুধবাৰে শুভাৰম্ভণি হয় নলবাৰীত। নলবাৰী নাট্য মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি অসম চৰকাৰৰ ৰাজহ আৰু জলসিঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভাবেশ কলিতাই 'মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনা'ৰ অধীনত কৃষি কৰ্মৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি ক্ৰয় কৰাৰ বাবে জিলাখনৰ কৃষকসকলৰ মাজত অনুদান বিতৰণৰ শুভাৰম্ভ কৰে।

জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু নৱগঠিত নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে। জিলা কৃষি বিভাগৰ অধীনত ৰূপায়িত হব লগা অসম চৰকাৰৰ এই অভিলাষী আঁচনিখনৰ অধীনত জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়ত এলেকাত ২০০ জন কৈ ধৰি ৬৫ টা গাওঁ পঞ্চায়তৰ  সৰ্বমুঠ ১৩০০০ কৃষকক কৃষি সা-সঁজুলি ক্ৰয় কৰাৰ বাবে উদ্গনিমুলকভাৱে  ৫০০০  টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হয়।

অনুষ্ঠানত ভাগ লৈ মন্ত্ৰী ভাবেশ কলিতাই কয় যে ভাৰতৰ দৰে কৃষি নিৰ্ভৰ অৰ্থনীতিত কৃষকৰ ওপৰতেই দেশৰ প্ৰগতি নিৰ্ভৰ কৰে।আগন্তুক ২০২২ চনত ভাৰতৰ স্বাধীনতা প্ৰাপ্তিৰ ৭৫ বৰ্ষপূৰ্তিলৈকে কৃষকৰ আয় দুগুন হ'ব বুলি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি সপোন দেখিছে সেই সপোনৰ পূৰ্ণতা প্ৰাপ্তিত অৰিহণা যোগোৱাৰ উদ্দেশ্যেই অসম চৰকাৰৰ তৰফৰ পৰাও কৃষকক কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰিবলৈ এই সাৱলীল পদক্ষেপ। তেখেতে লগতে কয় যে- কৃষি ক্ষেত্ৰখনত সংস্থাপন বঢ়োৱাৰ লক্ষ্যৰেই কৃষক সকলে কৃষি কৰ্ম কৰি যাব লাগিব। অসমখনক পুনৰ শস্য শ্যামলা কৰি তোলাৰ গুৰু দায়িত্ব কৃষক সকলৰ ওপৰতেই। এজন কৃষকৰ বতৰ অনুযায়ী কেনে কৃষি কৰ্ম কৰিব লাগে সেই জ্ঞান থাকিব লাগিব। কৃষক সকলক উৎসাহিত কৰিবৰ বাবে চৰকাৰে আগবঢ়োৱা এই উদ্গনিমুলক অনুদান কৃষক সকলে নিজৰ ব্যক্তিগত কামত ব্যৱহাৰ নকৰি নিজৰ কৃষি কৰ্মৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি ক্ৰয় কৰাতেই যাতে ব্যৱহাৰ কৰে সেই কথা কৃষক সকলক উনুকিয়াই দিয়ে।

লগতে তেখেতে কৃষি কৰ্ম সম্বন্ধীয় যাৱতীয় তথ্য বা অন্য কোনো সহায় সহযোগৰ বাবে কেৱল গ্ৰাম সেৱকৰ ওপৰত নিৰ্ভৰ নকৰি কৃষক সকল নিজেও আগবাঢ়ি আহি কৃষি বিভাগ বা জিলা প্ৰশাসনৰ কাষ চাপিবলৈ আগ্ৰহী হ'বলৈ আহ্বান জনায়। নলবাৰী বিধান সভা সমষ্টিৰ বিধায়ক অশোক শৰ্মাই তেখেতৰ ভাষণত দোহাৰে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকৰ আয় দুগুন কৰাৰ লক্ষ্যৰেই যি আঁচনি হাতত লৈছে সেই আঁচনিৰ সফলতা সুনিশ্চিত কৰাৰ বাবেই অসম চৰকাৰৰ তৰফৰ পৰা এই আঁচনিৰ আৰম্ভণি।

তেখেতে কয় যে এজন কৃষকে নিজৰ কৃষি কৰ্মক অন্তৰৰ পৰা ভাল পাব লাগিব, সন্মান কৰিব লাগিব। ক'তো জীৱিকাৰ কোনো দিহা কৰিব নোৱাৰি বাধ্যত কৃষি কৰ্ম আঁকোৱালি লোৱাজনৰ উন্নতি হোৱা কেতিয়াও দেখা নাই বুলি তেখেতে কয়। গ্ৰাম সেৱকক চিনি পোৱাৰ দায়িত্ব এজন কৃষকৰো থাকে। এজন গ্ৰাম সেৱকে ঘৰে ঘৰে গৈ তথ্য যোগাৰ দিয়ালৈকে বাট নাচাই এজন কৃষক নিজেই কৃষি বিষয়াৰ কাষ চাপিব লাগিব। হিতাধিকৰীসকল যদি নিজেই আঁচনি সমূহৰ বিষয়ে জানিবলৈ আগ্ৰহী নহয় তেন্তে তেওঁলোক প্ৰকৃতাৰ্থত উপকৃত হব নোৱাৰিব বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে।

এই অনুষ্ঠানৰ আদৰণি ভাষণত জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে কয় যে কৃষকৰ উৎকৰ্ষ সাধনৰ বাবে এই আঁচনি অতি সময়োপযোগী হৈছে। তেখেতে কয় যে কৃষকে কেৱল উৎপাদন কৰিলেই নহব, নিজৰ উৎপাদিত সামগ্ৰী উপযুক্ত বজাৰত বিক্ৰী কৰাৰ বাবেও পদক্ষেপ ল'ব লাগিব। তেখেতে জিলাখনৰ কৃষক সকলক উপাৰ্জনমুখী কৃষি কৰ্ম গঢ়ি তুলিবৰ বাবে আহ্বান জনায়।

নলবাৰী জিলা পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি নিতুল ডেকাইও তেখেতৰ চমু বক্তব্যত জিলাখনৰ কৃষক সকলক চৰকাৰৰ এই অভিলাষী আঁচনিৰ সদব্যৱহাৰ কৰি নিজৰ কৃষি কৰ্মৰ উৎকৰ্ষ সাধন কৰিবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানতেই মন্ত্ৰী ভবেশ কলিতাই বিধায়ক অশোক শৰ্মা আৰু উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী সহিতে জিলা কৃষি বিভাগৰ সমূহ বিষয় ববীয়াৰ উপস্থিতিত জিলা খনৰ ১৪ জন কৃষকক প্ৰতীকি চেক বিতৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in