নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ, অবৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ…

নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ, অবৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ…

ডিজিটেল ডেস্ক : শুকুৰবাৰে ভাৰত বন্ধৰ আহ্বান জনাই কৃষক সংগঠন সমূহে । তিনি কৃষি আইনৰ বিৰোধিতাৰে কৃষক সংগঠন সমূহে আহ্বান কৰিছিল এই বন্ধৰ । এই বন্ধৰ সময়ছোৱাত কৃষক সকলে কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰিছে ।

কৃষক সকলে গাজিপুৰত এনএইচ ৯ ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে । ইফালে পথটো কৃষকে অবৰোধ কৰাৰ পিছতে আৰক্ষীয়ে বেৰিকেড দিয়া বুলিও জানিব পৰা গৈছে ।ইফালে পঞ্জাবত এই বন্ধৰ সৰ্বাত্মক প্ৰভাব দেখিবলৈ পোৱা গৈছে । এই বন্ধৰ সময়ছোৱাত প্ৰতিবাদী কৃষক সকলে পাঞ্জাৱৰ অমৃতসৰত সংযুক্ত কৃষক মৰ্চাৰ সদস্য সকলে ৰেল পথ অবৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in