প্ৰতিবাদী কৃষক সকলক অতিথি হিচাপে স্বাগতম দিল্লী চৰকাৰৰ…

প্ৰতিবাদী কৃষক সকলক অতিথি হিচাপে স্বাগতম দিল্লী চৰকাৰৰ…

ডিজিটেল ডেস্ক : কেন্দ্ৰৰ তিনিখন নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ অব্যাহত আছে। দিল্লীত উপস্থিত হোৱা কৃষকসকলে শনিবাৰে এক বৈঠকত মিলিত হ'ব আৰু পৰৱৰ্তী ৰণনীতি প্ৰস্তুত কৰিব । হাৰিয়ানা-দিল্লী সিংঘু সীমাত উজাগৰী নিশা কটাই সহস্ৰাধিক কৃষকে ।

কৃষকৰ প্ৰতিবাদত নতশিৰ কৰি দিল্লী আৰক্ষীয়ে বুৰাড়ীৰ নিৰকাৰী গ্ৰাউণ্ডত শান্তিপূৰ্ণ প্ৰদৰ্শনৰ অনুমতি দিয়াৰ পিছত পঞ্জাৱ আৰু হাৰিয়ানাৰ সহস্ৰাধিক কৃষকে সংঘু সীমা ত্যাগ কৰিছে।

দিল্লী চৰকাৰে প্রতিবাদকাৰী কৃষকসকলক অতিথি হিচাপে স্বাগতম জনোৱাৰ লগতে প্ৰতিবাদকাৰী কৃষক সকলক খাদ্য, পানীয় আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰে। ৰাষ্ট্ৰীয় ৰাজধানীৰ বিভিন্ন প্ৰৱেশ পথেৰে প্ৰৱেশ কৰা সহস্ৰাধিক কৃষকক উত্তৰ দিল্লীৰ এখন খেলপথাৰত কৃষি আইনৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্রতিবাদ কৰিবলৈ দিয়া হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in