সিংঘু সীমাত কৃষকৰ বৈঠক, চৰকাৰৰ সৈতে পৰৱৰ্তী আলোচনাৰ বাবে ৰণনীতি প্ৰস্তুত…

সিংঘু সীমাত কৃষকৰ বৈঠক, চৰকাৰৰ  সৈতে পৰৱৰ্তী আলোচনাৰ বাবে ৰণনীতি প্ৰস্তুত…

ডিজিটেল ডেস্ক : দিল্লীত কৃষকৰ প্ৰতিবাদে নৱম দিনত ভৰি দিলে । বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কেইবা ঘন্টা ধৰিও কৃষক সকলৰ আলোচনা হয় যদিও এই আলোচনাৰ পৰা কোনো সমাধান সূত্ৰ নাপালে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে কয় যে শনিবাৰে বিয়লি ২ বজাত পুনৰ কৃষক সকলৰ সৈতে আলোচনাত মিলিত হ'ব ।

ইফালে সিংঘু সীমাত ৪০ কৃষক সংগঠনে শুক্ৰবাৰে ৰাতিপুৱা এক বৈঠক অনুষ্ঠিত কৰে । এই বৈঠকত এই সংগ্ৰাম কিদৰে আগন্তুক দিনত আগুৱাই নিয়া হ'ব সেই সম্পৰ্কে আলোচনা কৰা হয়।ইপিনে এই বৈঠকত শনিবাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে ৰণনীতি প্ৰস্তত কৰিছে কৃষক সংগঠন সমূহে । কৃষক সকলে শনিবাৰে সমগ্ৰ দেশজুৰি আন্দোলনৰ আহ্বান জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in