২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন…

২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন…

ডিজিটেল ডেস্কঃ যেতিয়াই কোনো এক জটিল সন্ধিক্ষণত চৰকাৰ উপস্থিত হয়, তেতিয়াই চৰকাৰে জনসাধাৰণক বিভ্ৰান্তি কৰাৰ চেষ্টা চলায়। দেশবাসীক মুল বিষয়ৰ পৰা আঁতৰাই ৰাখি আন কিছু বিষয়ৰে জড়িত কৰাবলৈ অতি কৌশলেৰে চলে এনে ষড়যন্ত্ৰ।

যি কথা সৰ্বসাধাৰণ ৰাইজে উপলব্ধিয়ে কৰিব নোৱাৰে। ১৯৭৫চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিৰুদ্ধে জয়প্ৰকাশ নাৰায়ণে দিল্লীত এক ৰেলী আয়োজন কৰিছিল। সেই সময়ত সেই ৰেলী অনুষ্ঠিত কৰাৰ দিনা দূৰদৰ্শন যোগে তেতিয়াৰ জনপ্ৰিয় ছবি 'ববী' সম্প্ৰচাৰৰ নিৰ্দেশ দিছিল ইন্দিৰা গান্ধীয়ে।

এই ধৰণৰ মানসিকতাৰ পৰা যেন এতিয়াও আঁতৰি আহিব পৰা নাই শাসক পক্ষ। সদনত কৃষক বিৰোধী বিধেয়ক বিৰোধী শূন্য হোৱাৰ বাবে গ্ৰহণ কৰি কৃষকৰ মূৰত মাধমাৰ সোধাইছে চৰকাৰে। ইয়াৰ বিৰুদ্ধে দেশৰ কৃষকসকল গৰজি উঠিছে।

২৫ ছেপ্টেম্বৰত সমগ্ৰ দেশজুৰি কৃষক সংগঠনসমূহে আহ্বান দিছে ভাৰত বন্ধৰ। কিন্তু সেইদিনাই এনচিবিয়ে সুশান্ত সিং ৰাজপুত গোচৰৰ ড্ৰাগছ সৰবৰাহ আৰু সেৱন কৰা সন্দৰ্ভত জেৰাৰ বাবে মাতিছে বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনক।

বিশিষ্ট সাংবাদিক ৰাজদ্বীপ সৰদেশাই উত্থাপন কৰিলে এই বিষয়টো। কৃষকে ভাৰত বন্ধ দিয়া দিনাই এচাম সংবাদমাধ্যমৰ দৃষ্টি ভাৰত বন্ধৰ সলনি যাতে দীপিকা পাডুকনক জেৰাৰ বাবে মতা বিষয়টোৱে গুৰুত্ব পায় তাৰ বাবেই মোডী চৰকাৰে অতি কৌশলেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

সাংবাদিকগৰাকীৰ টুইটক ৰি-টুইট কৰি টুইটাৰত বিশিষ্ট ইতিহাসবিদ ৰামচন্দ্ৰ গুহই ১৯৭৫চনত ইন্দিৰা গান্ধীয়ে সংঘটিত কৰা এই ধৰণৰ ঘটনাৰ কথা উল্লেখ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in