কৃষকসকলৰ বাবে সুখবৰ! কেন্দ্ৰৰ ঋণ ৰেহাইৰ পাছত ৰাজ্য চৰকাৰে দিব আৰ্থিক অনুদান

কৃষকসকলৰ বাবে সুখবৰ! কেন্দ্ৰৰ ঋণ ৰেহাইৰ পাছত ৰাজ্য চৰকাৰে দিব আৰ্থিক অনুদান

ডিজিটেল ডেস্কঃ ৰাজ্যৰ কৃষকসকলৰ বাবে চৰকাৰে আগবঢ়াইছে আৰ্থিক অনুদান। কৃষকসকলে কৃষিকৰ্মত ব্যৱহৃত সা-সঁজুলি ক্ৰয় কৰিবৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াইছে অনুদান। 'মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা' নামৰ বিশেষ আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰতিজন কৃষকক আগবঢ়াইছে ৫ হাজাৰ টকাকৈ।

উল্লেখ্য যে, ৰাজ্যখনৰ আন আন স্থানৰ কৃষকৰ লগতে শিৱসাগৰ জিলাতো এই আঁচনিৰ জৰিয়তে কৃষক ৰাইজক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে। ২১ বছৰৰ উৰ্ধৰ আৰু ৩ বছৰে অবিৰতভাৱে কৃষিকৰ্মৰে জড়িত জিলাখনৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষক সকলক এই আঁচনিৰ বাবে আৰু অধিক জানিবলৈ বা উপকৃত হ'বলৈ জিলা কৃষি বিভাগৰ সম্প্ৰসাৰণ সহায়ক, কৃষি উন্নয়ন বিষয়া, জিলা কৃষি বিষয়া বা মহকুমা কৃষি বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ শিৱসাগৰ জিলা কৃষি বিষয়া ললিত চন্দ্ৰ দাসে আহ্বান জনাইছে।

লক্ষণীয় যে, মধ্যপ্ৰদেশত চৰকাৰ গঠন কৰাৰ পিছতেই ৰাজ্যখনৰ জনসাধৰণক প্ৰদান কৰা প্ৰথম প্ৰতিশ্ৰুতি পূৰণ কৰে কংগ্ৰেছে৷ কমল নাথে সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই ৰাজ্যখনৰ কৃষক সকলৰ ঋণ ৰেহাইৰ কথা ঘোষণা কৰে৷ লগতে তেওঁ এই কৃষকৰ ঋণ ৰেহাইৰ ফাইলত হস্তাক্ষৰ কৰি প্ৰতিশ্ৰুতি পূৰণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in