”তেৰি আঁখে ঝুকি ঝুকি ”ৰ নায়ক ফাৰাজ খান আৰু নাই….

”তেৰি আঁখে ঝুকি ঝুকি ”ৰ নায়ক ফাৰাজ খান আৰু নাই….

ডিজিটেল ডেস্ক : বলিউদৰ অভিনেতা ফাৰাজ খান আৰু নাই । দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত বাংগালুৰুৰ এখন হস্পিতালত ফাৰাজ খানৰ মৃত্যু হয় । মেহেন্দীত ৰানী মুখাৰ্জীৰ সৈতে নায়কৰ চৰিত্ৰত অভিনয় কৰা ফাৰাজ খানে কেইবাখনো হিন্দী ছবিত অভিনয় কৰিছিল যদিও তেওঁ সফল হ'ব পৰা নাছিল ।

বলিউদৰ এখন চুপাৰ ডুপাৰ হিট ছবি মেনে প্যাৰ কিয়া ৰ নায়কৰ বাবে প্ৰথমে চুক্তিবদ্ধ কৰিছিল ফাৰাজ খানকে । কিন্তু অসুবিধাৰ বাবে ফাৰাজে শ্বুটিং কৰিব নোৱাৰা সেই ছবিত নায়ক ৰূপে চুক্তিবদ্ধ হৈছিল চলমান খান । যিখন ছবিয়ে চলমান খানৰ কেৰিয়াৰ সলনি কৰি দিছিল ।

১৯৯৮ চনত মেহেন্দী,১৯৯৯ চনত দুলহন বনো মে টেৰি, ১৯৯৬ চনত ফৰেব আৰু ২০০৫ চনত বুজ গেয়া ছবিত অভিনয় কৰিছিল ফাৰাজ খানে । তাৰ পিছত তেওঁ বহু সময় ধৰি বলিউদৰ পৰা অন্তৰ্ধান হৈ আছিিল । আনকি আৰ্থিক সংকটত ভুগা অভিনেতা গৰাকীয়ে ধনৰ অভাৱত চিকিতসা কৰিব পৰা নাছিল ।

আনকি তেওঁক আগবাঢ়ি আহিছিল চলমান খান । ব্যয় কৰিছিল অভিনেতা গৰাকীয় চিকিতসাৰ ধন । স্নায়ুজনিত ৰোগত আক্ৰান্ত হোৱা এই অভিনেতা গৰাকী ফৰেব ছবিৰ "তেৰি আঁখে ঝুকি ঝুকি " গানটো যথেষ্ট জনপ্ৰিয় আছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in