সুখবৰঃ দেশত পোন প্ৰথমবাৰৰ বাবে পুৰুষৰ তুলনাত বৃদ্ধি পালে মহিলাৰ সংখ্যা..

সুখবৰঃ দেশত পোন প্ৰথমবাৰৰ বাবে পুৰুষৰ তুলনাত বৃদ্ধি পালে মহিলাৰ সংখ্যা..

ডিজিটেল ডেস্কঃ দেশৰ বাবে এক সুখবৰ। প্ৰথমবাৰৰ বাবে, ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০২০ লৈ বৃদ্ধি হৈছে। বুধবাৰে প্ৰকাশ কৰা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৫ ( এন.এফ.এইচ.এছ ) য়ে এই থ্য প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে, ২০১৫-১৬ বৰ্ষত অনুষ্ঠিত এন.এফ.এইচ.এছ.-৪ত, প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৯১ গৰাকী মহিলা আছিল।

তদুপৰি, জন্মৰ সময়ত লিংগ অনুপাতো উন্নত হৈছে। ২০১৫-১৬ বৰ্ষত, প্ৰতি ১০০০ ল'ৰা শিশুৰ ভিতৰত ৯১৯ গৰাকী ছোৱালী শিশু আছিল। শেহতীয়াকৈ প্ৰকাশ পোৱা জৰীপটোত, প্ৰতি ১০০০ শিশুত এই সংখ্যা ৯২৯ গৰাকী ছোৱালীলৈ বৃদ্ধি হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে চহৰতকৈ গাওঁবোৰত মুঠ জনসংখ্যাৰ লিংগ অনুপাত ভাল। গাওঁবোৰত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ১০৩৭ গৰাকী মহিলা আছে। আনহাতে চহৰ অঞ্চলত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮৫ গৰাকী।

অৱশ্যে জনসংখ্যাত মহিলাৰ অনুপাত বৃদ্ধি হলেও কিন্তু এতিয়ালৈকে তেওঁলোকৰ অৱস্থা বিশেষ উন্নত হোৱা নাই। আজিও, দেশৰ মাত্ৰ ৪১% মহিলাই ১০ বছৰতকৈ অধিক স্কুলীয়া শিক্ষা লাভ কৰিছে, অৰ্থাৎ তেওঁলোকে দশম শ্ৰেণীৰ বাহিৰত অধ্যয়ন কৰিবলৈ সক্ষম হৈছে। ৫৯% মহিলাই দশম শ্ৰেণীৰ অধিক অধ্যয়ন কৰিব নোৱাৰিলে। গ্ৰাম্য এলেকাত, মাত্ৰ ৩৩.৭% মহিলাই দশম শ্ৰেণীতকৈ অধিক অধ্যয়ন কৰিছে।

জৰীপত প্ৰকাশ পাইছে যে, ৭৮.৬ শতাংশ মহিলাৰ বেংক একাউণ্ট আছে। ২০১৫-১৬ বৰ্ষত এই সংখ্যা আছিল ৫৩ শতাংশ। আনহাতে বৰ্তমান দেশৰ ৪৩.৩ শতাংশ মহিলাৰ নামত কিছু সম্পত্তি আছে। ২০১৫-১৬ সময়ত এই সংখ্যা আছিল মাত্ৰ ৩৮.৪ শতাংশ। ঋতুস্ৰাৱৰ সময়ত সুৰক্ষিত অনাময় ব্যৱস্থা গ্ৰহণ কৰা মহিলাৰ সংখ্যা৫৭.৬ শতাংশৰ পৰা ৭৭.৩ শতাংশলৈ বৃদ্ধি হৈছে। অৱশ্যে, শিশু আৰু মহিলাসকলৰ মাজত ৰক্তহীনতা এক গুৰুত্বপূৰ্ণ চিন্তা হিচাপে উদ্ভৱ হৈছে। ৬৭.১ শতাংশ শিশু আৰু ১৫ ৰ পৰা ৪৯ বছৰ বয়সৰ ৫৭ শতাংশ মহিলা ৰক্তহীনতাত ভুগি আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in