দুবাৰ টিপক ‘Cancel’, সুৰক্ষিত কৰক এটিএম! ম’বাইলত বিয়পিছে মেছেজ

দুবাৰ টিপক ‘Cancel’, সুৰক্ষিত কৰক এটিএম! ম’বাইলত বিয়পিছে মেছেজ

ডিজিটেল ডেস্কঃ এটিএম কাৰ্ড ব্যৱহাৰেৰে এতিয়া সকলোৱে ধন উলিয়াই । কিন্তু সেই এটিএম কাৰ্ড আপোনাৰ হাতত থকাৰ পাছতো আপোনাৰ একাউণ্টৰ পৰা কোনো দুষ্ট চক্ৰই ধন উলিয়াই লৈ যায়। বেংক কৰ্তৃপক্ষই তেনে বহু অভিযোগৰ উত্তৰত কয়- এটিএমৰ জৰিয়তেই উলিয়াই নিয়া হৈছে ধন। তথ্য-প্ৰযুক্তিৰ এই যুগত আপোনাৰ এটিএমৰ পিন নম্বৰ যিকোনো প্ৰকাৰে সংগ্ৰহ কৰি এনে চক্ৰই আপুনি ব্যৱহাৰ কৰা এটিএমখন নোহোৱাকৈয়ে ধন উলিয়াই নিব পাৰে।

আনকি বহু ঠাইত এটিএমৰ ওপৰত এনে ডিভাইচ এই চক্ৰবোৰে লগাই থৈ যায় যে, এটিএমত আপুনি ব্যৱহাৰ কৰা এটিএম কাৰ্ডখনৰ কোনো তথ্য সেই ডিভাইচত থকা চিচি কেমেৰাত বন্দী হৈ পৰে। নতুবা, সেই ডিভাইচত থকা ছফ্টৱেৰৰ জৰিয়তে এজন গ্ৰাহকৰ বেংক একাউণ্টৰ সবিশেষ সংগ্ৰহ কৰি লয় এনে চক্ৰই। তাৰপাছতেই গ্ৰাহকজনৰ বেংক একাউণ্টৰ পৰা উঠাই নিয়ে ধন।

কিছুদিনৰ পৰা ছ'চিয়েল মিডিয়া আৰু আন মাধ্যমসমূহত এটা মেছেজ ভাইৰেল হৈছে। কোনো দুষ্ট চক্ৰই যদি এটিএমত গ্ৰাহকৰ তথ্য গোপনে সংগ্ৰহ কৰিবৰ বাবে কিবা ছফ্টৱেৰ বা ডিভাইচ এটিএমৰ সৈতে সংযুক্ত কৰি থয়, তেনেহ'লে তাক প্ৰতিৰোধ কৰিবলৈ এটিএমৰ কি-বৰ্ডত থকা 'Cancel' বুটামটো দুবাৰ টিপিব লাগে।

মেছেজটোত লগতে কোৱা হৈছে- এই বাৰ্তা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ তৰফৰ পৰা গ্ৰাহকৰ বেংক একাউণ্ট সুৰক্ষিত কৰাৰ লক্ষ্যৰে ৰাজহুৱা কৰা হৈছে। হোৱাটছএপ, ফেচবুক, টুইটাৰ আদিত এই মেছেজ ভাইৰেল হৈ পৰাৰ পাছত বহু গ্ৰাহকে এটিএমৰ পৰা ধন উলিওৱাৰ পূৰ্বে এই বাৰ্তাত দিয়া নিৰ্দেশনা অনুসৰি দুবাৰকৈ 'Cancel' বুটাম টিপি লয়।

সঁচাকৈয়ে এনে নিৰ্দেশনা কোনো বেংক কৰ্তৃপক্ষ বা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা আহিছে নেকি? এই সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন'ৰ ডিজেটল ডেস্কে নিশ্চিত হ'বৰ বাবে যোগাযোগ কৰিছিল বেংকৰ এজন উচ্চপদস্থ বিষয়াৰ সৈতে। বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, এই মেছেজ ৰিজাৰ্ভ বেংক বা বেংক কৰ্তৃপক্ষৰ দ্বাৰা দিয়া হোৱা নাই। তেনে ধৰণৰ ব্যৱস্থা বেংকে লোৱা নাই বুলিও তেওঁ সদৰি কৰে।

ইফালে, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ বেৱ পেজতো যাৱতীয় সকলো নিৰ্দেশনা আছে যদিও, এই ধৰণৰ কোনো নীতি-নিৰ্দেশনা জাৰি কৰা হোৱা নাই। ৰাষ্ট্ৰীয়কৃত বেংক সমূহৰ কেবাটাও ৱেব ছাইট পৰীক্ষা কৰিও এনে নিৰ্দেশনা দিয়া তথ্য পোৱা নগ'ল। যিহেতু এটিএমৰ পৰা ধন লুট বা কোনো লোকৰ একাউণ্টৰ পৰা অনলাইনযোগে দুষ্ট চক্ৰই ধন লুটি নিয়া ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে। দুদিনৰ পূৰ্বে দুলীয়াজানৰ পৰা অইল ইণ্ডিয়াত কৰ্মৰত দুজন কৰ্মচাৰীৰ পৰাও লক্ষাধিক ধন দুষ্ট চক্ৰই লুটি নিছিল। কৰ্মচাৰী দুজনক ফোনযোগে তেওঁলোকৰ বেংক একাউণ্ট পৰীক্ষা কৰা হৈছে বুলি জানিবলৈ দি এটিএম নম্বৰ বিচাৰিছিল।

ইয়াৰে এজনৰ বেংক একাউণ্টৰ পৰা ২৩লাখ টকা লুটি নিছিল দুষ্ট চক্ৰটোৱে। আনহাতে, দিলেশ্বৰ গগৈ নামৰ আনজন অইলৰ কৰ্মচাৰীৰ একাউণ্টৰপৰা দুদিনৰ পূৰ্বে এই চক্ৰটোৱে উঠাই নিলে ৭০ হাজাৰ টকা। এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত এই মেছেজ সঁচা বুলি ভাবি বহুতে এটিএম ব্যৱহাৰ কৰাৰ পূৰ্বে 'Cancel' বুটামটো দুবাৰকৈ টিপি নিজৰ বেংক একাউণ্ট আৰু এটিএম কাৰ্ড সুৰক্ষিত হ'ব বুলি ভাবি লৈছিল।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ অনুসন্ধানত পোহৰলৈ আহিল যে, ভাইৰেল হৈ পৰা এই মেছেজ ভুৱা। এই মেছেজটোত লিখিছিল- 'A very useful tip while withdrawing funds from an ATM. Press 'Cancel' button twice before inserting the card. If anyone has set up the key pad to steal your PIN code, this will cancel that set up. Please make it a habit and part of every transaction that you make. Share for your Circle people'

হোৱাটছএপ, ফেচবুক, টুইটাৰত ভাইৰেল হৈ পৰা মেছেজটো।
হোৱাটছএপ, ফেচবুক, টুইটাৰত ভাইৰেল হৈ পৰা মেছেজটো।

ৰিজাৰ্ভ বেংকৰ নাম লৈ সমগ্ৰ দেশত এইদৰে কোনো দুষ্ট চক্ৰই এই বাৰ্তাৰ জৰিয়তে অপপ্ৰচাৰ চলাইছে সেয়াহে এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে। এই চক্ৰটোৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য কি? ইয়াৰো তদন্তৰ প্ৰয়োজন আছে। মন কৰিবলগা যে, এই মেছেজৰ সৈতে ব্যৱহাৰ কৰা অশোক স্তম্ভটো ত্ৰিৰংগাৰ তিনিটা ৰঙেৰে ৰঙীণ কৰা হৈছে। যিটো কোনো ক্ষেত্ৰতেই কৰিব নোৱাৰে আৰু এনে কৰাটো দোষণীয়। ইয়াৰো প্ৰকৃত সত্য আৰু এনে বাৰ্তা প্ৰেৰণ কৰোতাক বিচাৰি উলিওৱাটো ৰিজাৰ্ভ বেংকৰ বিধিগত দায়িত্ব। সকলোৱে শীঘ্ৰে ইয়াৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰিছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in