শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

কলেজ শিক্ষকৰ ভুৱা পি এইচ ডি ডিগ্ৰীঃ ৭০ জনলৈ চমন জাৰি….

ডিজিটেল ডেস্কঃ ভুৱা পি এইচ ডি ডিগ্ৰীৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানত কৰ্মৰত ৭০ গৰাকী অধ্যাপক তথা অন্যান্য কৰ্মচাৰীয়ে ভুৱা পি এইচ ডি ডিগ্ৰী গ্ৰহণৰ তথ্য পোৱা গৈছে। এই ভুৱা পি এইচ ডি ডিগ্ৰীধাৰী অধ্যাপকসকললৈ চমন জাৰি কৰা হৈছে।

ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে জাৰি কৰিছে ভুৱা পি এইচ ডি ডিগ্ৰীধাৰিসকললৈ চমন। জানিব পৰা মতে মুঠ ৪২ খন মহাবিদ্যালয়ৰ অধ্যাপক, গ্ৰন্থাগাৰিকে গ্ৰহণ কৰিছে ভুৱা পি এইচ ডি। এই আটাইকেইখন মহাবিদ্যালয়ৰে ভুৱা ডিগ্ৰী গ্ৰহণকাৰী অধ্যাপক তথা গ্ৰন্থাগাৰিকক অহা ১৯ জুলাইত উচ্চ শিক্ষা সঞ্চালকালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।

উচ্চ শিক্ষা সঞ্চালকালয়ত ১৯ জুলাইত উপস্থিত হৈ ভুৱা পি এইচ ডি ডিগ্ৰীধাৰি অধ্যাপক, গ্ৰন্থাগাৰিকে প্ৰদৰ্শন কৰিব লাগিব তেওঁলোকৰ বিভিন্ন নথি-পত্ৰসমূহ। পি এইচ ডিৰ ফলাফল, থেছিছ আদি জমা দিব লাগিব এইসকল অধ্যাপকে।

ভুৱা পি এইচ ডি গ্ৰহণৰ অধ্যাপকৰ তালিকাত আছে কৰিমগঞ্জৰ নিলাম বজাৰ কলেজৰ ২ অধ্যাপক, কামৰূপৰ এছ বি এম কলেজ,ছমৰীয়া কলেজৰ এগৰাকীকৈ শিক্ষক, নলবাৰী ছহিদ স্মৃতি কলেজ, বিলাসীপাৰা কলেজৰ এজনকৈ শিক্ষক।

ইয়াৰ উপৰিও মঙলদৈ কমাৰ্চ কলেজ, লখিমপুৰ লালুক কলেজ, ধেমাজি ছোৱালী কলেজ, চিমেন চাপৰি কলেজ, চিলাপথাৰ কলেজ, সোণাৰি কমাৰ্চ কলেজ, উত্তৰ বৰপেটা কলেজ, লিডু কলেজৰ অধ্যআপকো আছে এই তালিকাত। স্ক্ৰীণিং কমিটীৰ আগত এই অধ্যাপক সকলে ১৯ জুলাইত তেওঁলোকেৰ পি এইচ ডি ডিগ্ৰীৰ সবিশেষ জমা দিয়াৰ পিছত যদি ভুৱা ডিগ্ৰী গ্ৰহণৰ তথ্য সত্য প্ৰমাণ হয় তেন্তে তেনে অধ্যাপকৰ বিৰুদ্ধে লোৱা হ’ব শাস্তিমূলক ব্যৱস্থা।