প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুঃ কোনে উলিয়াইছে এই ভুৱা খবৰ…

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুঃ কোনে উলিয়াইছে এই ভুৱা খবৰ…

ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী বৰ্তমান ক'মাত আছে। তেওঁৰ স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাৰ বাবেই বৰ্তমান তেওঁক ভেল্টিলেটৰৰ চাৰ্পটতত ৰখা হৈছে। বৃহস্পতিবাৰে পুৱা মুখাৰ্জীৰ স্বাস্থ্যৰ সন্দৰ্ভত এই তথ্য সদৰি কৰে দিল্লীৰ আৰ্মি হাস্পতালে।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱতি নিশাৰে পৰা ছচিয়েল মিডিয়াৰ লগতে একাংশ সংবাদমাধ্যমত বাতৰি প্ৰকাশ হৈছিল যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী দেহাৱসান ঘটিছে। মূৰ্হুততে বিয়পি পৰা এই খবৰক লৈ শেহতীয়াকৈ প্ৰণৱ মুখাৰ্জীৰ পুত্ৰই টুইটাৰযোগে জনায় যে এই খবৰ সম্পূৰ্ণৰূপে মিছা।

টুইটাৰত পুত্ৰ অভিষেক বেনাৰ্জীয়ে লিখিছে- My Father Shri Pranab Mukherjee is still alive & haemodynamically stable ! Speculations & fake news being circulated by reputed Journalists on social media clearly reflects that Media in India has become a factory of Fake News।

উল্লেখ্য যে, কোৰোনাত আক্ৰান্ত হোৱাৰ পাছতে প্ৰাক্তন ৰাষ্টপতিগৰাকীৰ স্বাস্থ্য অধিক অৱনতি হোৱাৰ পাছতে তেওঁক দিল্লী আৰ্মি হাস্পতালত ভৰ্তি কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in