এটা টিভি চেনেলৰ সঞ্চালক! ৫০০ টকাৰ ৰচিদ কাটি গাড়ীত ভৰায় ২৫০০ টকাৰ তেল, পঢ়ক আঁৰৰ কাহিনী…

এটা টিভি চেনেলৰ সঞ্চালক! ৫০০ টকাৰ ৰচিদ কাটি গাড়ীত ভৰায় ২৫০০ টকাৰ তেল, পঢ়ক আঁৰৰ কাহিনী…

ডিজিটেল ডেস্কঃ এজন সাংবাদিক, ঠিক সাংবাদিক নহয় লগতে এটা ব্যক্তিগত টিভি চেনেলৰ সঞ্চালকো। এটা উচ্চপদস্থ পদত থাকিও এই ব্যক্তিজনৰ কৰ্মকাণ্ডই সকলোকে স্তম্ভিত কৰি তুলিছে। প্ৰাপ্ত খবৰ অনুসৰি, এই ব্যক্তিজনে প্ৰায়ে তেওৰ বিলাসী বাহনত এটা পেট্ৰল পাম্পত ভৰায় ইন্ধন। হাজাৰ টকাৰ ওপৰত প্ৰতিদিনেই বাহনত ইন্ধন ভৰোৱা এই ব্যক্তিজনে কিন্তু নগদ ধন দি নভৰায় ইন্ধন। ইয়াৰ পৰিৰ্ৱতে কম ধনৰ ৰচিদ কাটি অধিক ধনৰ ইন্ধন ভৰায় বাহনত। এনেকৈ বহুদিনে কেইবাখনো বাহন সলনি কৰি আহি পেট্ৰেল পাম্পত ইন্ধন ভৰায় ব্যক্তিজনে। কিন্তু সদায় দিন ভালে নাথাকে। শুকুৰবাৰে জালত পৰিল টিভি চেনেলৰ এই সঞ্চালকজন। ইয়াৰ পাছতে পাম্প কতৃপৰ্ক্ষই তেওক গতাই দিয়ে আৰক্ষীক।

প্ৰতিদিনেই ফাঁকি দি এনেদৰে ইন্ধন ভৰোৱা এই তথাকথিত লোকজন আচলতে কোনো টিভি চেনেলৰ সঞ্চালক অথবা সাংবাদিক নহয়। বাহনত 'প্ৰেছ' লিখি এনেদৰেই লুন্ঠন অব্যাহত ৰখা এই লোকজনৰ নাম ধ্ৰুৱজ্যোতি কলিতা। মাৰ্জিত সাজ-পাৰ পৰিধান কৰি এনেদৰেই পেট্ৰল পাম্পৰ কতৃপৰ্ক্ষৰ চকুত ধুলি দি কেইবাবাৰো আদায় কৰা ধনতকৈ অধিক ইন্ধন ভৰায় ভুৱা সাংবাদিক কলিতাই। অৱশেষত তদাৰক কৰি মালিগাঁৱৰ শান্তিপুৰত থকা প্ৰভাত পেট্ৰল পাম্পৰ কতৃপৰ্ক্ষই ধৰা পেলায় এই ব্যক্তিজনক।

যোৱা শুকুৰবাৰে হাটে লোটে ধৰা পৰা ধ্ৰুৱজ্যোতি কলিতাই ৫০০ টকাৰ ৰচিদ কাটি ভৰাইছিল ২৫০০ টকাৰ তেল। পাম্পটোৰ কতৃপৰ্ক্ষই জনোৱা মতে- বিগত কেইবাদিন ধৰি পাম্পৰ হিচাপত কিছু খেলি মেলিৰ সৃষ্টি হৈছিল। সেইহেতুকে কিছু ক্ষেত্ৰত সৰ্তক দৃষ্টি ৰাখিছিল কৰ্তৃপক্ষই। শুকুৰবাৰে এই ধ্ৰুৱজ্যোতি কলিতাই ৫০০ টকাৰ ৰচিদ কাটি বাহন ভিতৰত ৫ ৰ সন্মুখত ২ বহুৱাই কৰিছিল ২৫০০ টকা। ৰচিদৰ কিছু খেলি মেলি দেখি পাম্পটোৰ কৰ্মচাৰীয়ে কৰায়ত্ব কৰে ভুৱা সাংবাদিক কলিতাক।

কৰায়ত্ব কৰাৰ পাছতে নিজকে সাংবাদিক আৰু এটা টিভি চেনেলৰ সঞ্চালক বুলি পৰিচয় দিয়া কলিতাক গতাই দিয়া হয় ভৰলুমুখ আৰক্ষীক। পাম্পটোৰ স্বতাধিকাৰী এজাহাৰৰ ভিত্তিত কলিতাক আটক কৰে ভৰলুমুখ আৰক্ষীয়ে। বৰ্তমান ভৰলুমুখ আৰক্ষীৰ জিম্মাতে আছে ভুৱা সাংবাদিক ধ্ৰুৱজ্যোতি কলিতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in