ভুৱা সংঘৰ্ষ, মণিপুৰত কিশোৰ হত্যাৰ বিৰুদ্ধে চিবিআইৰ ৫টা গোচৰ

ভুৱা সংঘৰ্ষ, মণিপুৰত কিশোৰ হত্যাৰ বিৰুদ্ধে চিবিআইৰ ৫টা গোচৰ

ডিজিটেল ডেস্কঃ ২০০৯ চনৰ ৪ মাৰ্চত মণিপুৰৰ এজন ১২ বছৰীয়া কিশোৰক হত্যা কৰি ভুৱা এনকাউন্টাৰৰ নাম দিয়া ঘটনাৰ সন্দৰ্ভত শনিবাৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আয়ে অসম ৰাইফলছ, চি আৰ পি এফ আৰু ইম্ফল আৰক্ষীৰ বিৰুদ্ধে ৫ টা গোচৰ ৰুজু কৰিছে। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে ঘটনাৰ শুনানি গ্ৰহণ কৰি চিবিআইক এই হত্যাকাণ্ডৰ তদন্তৰ নিৰ্দেশ দিছিল।

স্মৰ্তব্য যে, ২০০৯ চনত পিপ'লছ ইউনাইটেড লিবাৰেছন ফ্ৰণ্ট নামৰ নিষিদ্ধ সংগঠনটোৰ লগত জড়িত থকাৰ সন্দেহতে চি আৰ পি এফ, ইম্ফল আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান চলাই আজাদ খান নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনক গুলীয়াই হত্যা কৰিছিল।

এই ঘটনা সংঘটিত হোৱাৰ পিছত চি আৰ পি এফ, ইম্ফল আৰক্ষী আৰু অসম ৰাইফলছে কিশোৰ ছাত্ৰজন এক সংঘৰ্ষত লিপ্ত হোৱা অৱস্থাত নিহত হোৱা বুলি দাবী কৰে যদিও ছাত্ৰজনৰ পৰিয়ালৰ লোকে সেয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছিল। নিহত আজাদৰ পৰিয়ালৰ ভাষ্য অনুসৰি ছাত্ৰজনে ঘৰৰ বাৰান্দাত বহি পঢ়ি থকা সময়তে ৩০জনীয়া সেনা-আৰক্ষীৰ এটা দলে ছাত্ৰজনক ঘৰৰ পৰা উঠায় লৈ যায় আৰু পিছত হত্যা কৰে।

এই ঘটনাৰ ন্যায় বিচাৰি ছাত্ৰজনৰ পৰিয়ালবৰ্গই উচ্চতম ন্যায়ালয়ত আবেদন জনোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে ঘটনাটোক গুৰুত্বসহকাৰে লৈ চিবিআইৰ দ্বাৰা তদন্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in