এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী

এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী

ডিজিটেল সংবাদ, গুৱাহাটীঃ নৰ্থ ইষ্ট কিটছেন চাৰ্ভিছ এণ্ড কমিউনিকেশ্যন চমুকৈ এন ই কে এছ চি কোম্পানীৰ নামত দীৰ্ঘদিন গ্ৰাহকক প্ৰৱঞ্চনা কৰি অহা এজন ভুৱা ব্যৱসায়ীক বুধবাৰে হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ হাতীগাঁও চাৰিআলিত ৰূপালী এন্টাৰপ্ৰাইজ নামৰ এখন ব্যৱায়িক প্ৰতিষ্ঠান খুলি দীৰ্ঘদিন ধৰি কোম্পানীটোৰ নামেৰে ভুলা ষ্টিকাৰ ব্যৱহাৰ কৰি গ্ৰাহকক প্ৰৱঞ্চনা কৰি অহা চৌকত আলী নামৰ ব্যৱসায়ীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷

জানিব পৰা মতে, মহানগৰীৰ গীতানগৰ জুৰিপাৰস্থিত এন ই কে এছ চিৰ দুই বিষয়া ৰতন দত্ত আৰু ওৱাহিদুৰ ৰহমানে ভুৱা ব্যৱহায়ী জনৰ বিষয়ে জানিব পাৰি ব্যক্তিগতবাৱে অনুসন্ধান চলায়৷ বিষয়াদুগৰাকীৰ এই অনুসন্ধানত চৌকত আলী নামৰ ব্যৱসায়ীজনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত তেওঁলোকৰ কোম্পানীৰ ষ্টিকাৰযুক্ত চিমনী প্ৰত্যক্ষ কৰি হাতীগাঁও আৰক্ষী থানাত ব্যৱসায়ীজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে৷ ইয়াৰ পিছতে আৰক্ষীয়ে ব্যৱসায়ীজনৰ প্ৰতিষ্ঠানত অভিযান চলাই এন ই কে এছ চিৰ ষ্টিকাৰযুক্ত ৫টা চিমনী জব্দ কৰাৰ লগতে ব্যৱসায়ী চৌকত আলীক গ্ৰেপ্তাৰ কৰে৷

ইফালে, ধৃত ব্যৱসায়ীজনে দীৰ্ঘদিনে গুৱাহাটীৰ লগতে পাঠশালাতো জালিয়াতিৰ কোম্পানীটোৰ চিমনি বিক্ৰী কৰি লুন্ঠন চলাই আছিল বুলি জানিব পৰা গৈছে। সম্প্ৰতি হাতীগাঁও আৰক্ষীয়ে ঘটনা সৰ্ন্দভত তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in