নকল ৫০০ টকীয়া নোটৰ পৰা সাৱধান, কেনেকৈ চিনাক্ত কৰিব এই নকল নোট, পঢ়ক…

নকল ৫০০ টকীয়া নোটৰ পৰা সাৱধান, কেনেকৈ চিনাক্ত কৰিব এই নকল নোট, পঢ়ক…

ডিজিটেল ডেস্কঃ কলাধন আৰু নকল নোটৰ ক্ষেত্ৰত চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে বিভিন্ন প্ৰদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। এই সমস্যাৰ পৰা হাত সাৰিবলৈয়ে ২০১৬ চনত চৰকাৰে বিমুদ্ৰাকৰণৰ আশ্ৰয় লৈছিল। কিন্তু এই প্ৰদক্ষেপৰ পাছতো সফল হ'ব পৰা নাছিল চৰকাৰ। ২০১৭-১৮ চনত সমগ্ৰ কেইবা লাখো টকা নকল নোট জব্দ কৰা কাৰ্যই তাকেই প্ৰমাণ কৰিছে।

শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে যে দেশত সবাতোকৈ বেছি ৫০০ টকীয়া নকল নোট প্ৰচলন হৈ আছে। ৰিজাৰ্ভ বেংকেও স্বীকাৰ কৰিছে যে কেৱল ৫০০ টকীয়া নোটেই নহয়, দুই হাজাৰ, এশ আৰু দুশ টকাৰ বহু নকল নোট বৰ্তমান দেশত প্ৰচলন হৈ আছে।

নকল ৫০০ টকীয়া নোটৰ পৰা আপুনি কেনেকৈ বাছি থাকিব-

  • ৫০০ টকীয়া নোটখনৰ মহাত্মা গান্ধীৰ ফটোখন আপুনি ভালদৰে প্ৰত্যক্ষ কৰক। প্ৰকৃত আৰু নকল নোটৰ ক্ষেত্ৰত এই ছবিৰ মাজত যথেষ্ট পাৰ্থক্য আছে।
  • প্ৰকৃত ৫০০ টকীয়া নোটখন আপুনি হাতত লৈ মুঠি মাৰি দিলে মাজৰ এক অংশ সেইজীয়াৰ পৰা ক্ৰমে নীলা হৈ পৰিব ।
  • নোটখনত গৱৰ্ণৰ স্বাক্ষৰ  ভালদৰে লক্ষ্য কৰক ।
  • নোটখনৰ খালী স্থানবোৰত ভালদৰে প্ৰত্যক্ষ কৰিলে ৫০০ বুলি সংখ্যাৰে লিখি থোৱাৰ লগতে মহাত্মা গান্ধীৰ ফটো দেখিবলৈ পাব।
  • নোটখনৰ সন্মুখৰফালে থকা অশোক স্তম্ভৰ ওপৰত সৰুকৈ সংখ্যাৰে ৫০০ লিখা আছে নে নাই লক্ষ্য কৰক।
  • নোটখনৰ সন্মুখৰ ফালে ওপৰ ভাগত থকা পেনেল নাম্বাৰ সমূহ বাওফালৰ পৰা সোঁফালৈ ক্ৰমে সৰুৰ পৰা ডাঙৰৰলৈ লিখা থাকিব।
  • নোটখনৰ পাছফালে স্বচ্ছ ভাৰতৰ শ্ল'গান লিখা আছে নে নাই লক্ষ্য কৰক।
  • কেইবাটাও ভাষাত আখৰেৰে ৫০০ টকা বুলি লিখা আছেনে নাই লক্ষ্য কৰক।
  • ভাৰতীয় জাতীয়া পতাকাৰ সৈতে লালকিল্লাৰ ফটো আছেনে নাই চাওক।
  • নোটখনৰ পিছফালে নোট খনৰ ছপা হোৱাৰ বৰ্ষ উল্লেখ আছেনে নাই লক্ষ্য কৰক ।

উল্লেখ্য যে , ভাৰতীয় ৰিৰ্জাভ বেংকে নকল নোটৰ পৰা হাত সাৰি থাকিবলৈ ভিন্ন সময়ত সজাগতা মূলক কাৰ্যসূচীও ৰূপায়ন কৰি আহিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in