৪০ হাজাৰ কোটি টকাৰ বাবেই তিনিদিনৰ কাৰণে মুখ্যমন্ত্ৰী হৈছিল ফড়নবিছ!

৪০ হাজাৰ কোটি টকাৰ বাবেই তিনিদিনৰ কাৰণে মুখ্যমন্ত্ৰী হৈছিল ফড়নবিছ!

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত এনচিপি-শিৱসেনা আৰু কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ পূৰ্বে ৩ দিনৰ কাৰণে মুখ্যমন্ত্ৰী হৈছিল দেবেন্দ্ৰ ফড়নবিছ। এনচিপি নেতা অজিত পাৱাৰক নাটকীয়ভাৱে লগত লৈ পুৱাই ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰি খৰখেদাকৈ বিজেপি নেতাজনে মুখ্যমন্ত্ৰী পদৰ শপত লৈছিল ৰাজ ভৱনত।

সংখ্যা গৰিষ্ঠতা নথকাকৈয়ে মহাৰাষ্ট্ৰত ফড়নবিছে চৰকাৰ গঠন কৰাৰ অন্তৰালত আছিল ৪০ হাজাৰ কোটি টকা। এয়া কোনো বিৰোধী দলৰ বিধায়ক বা নেতাৰ অভিযোগ নহয়। বিজেপিৰ এজন সাংসদে ৰাজহুৱা কৰিছে ইয়াৰ অন্তৰালৰ ৰহস্যৰ কথা।

কৰ্ণাটকৰ বিজেপি সাংসদ অনন্ত হেগড়েয়ে এক মন্তব্যত উল্লেখ কৰিছে যে মহাৰাষ্ট্ৰত দেবেন্দ্ৰ ফড়নবিছে এনচিপি নেতা অজিত পাৱাৰৰ সৈতে লগ লাগি চৰকাৰ গঠন কৰাৰ কাৰণ আছিল ৰাজ ভঁৰালত থকা ৪০ হাজাৰ কোটি টকা। এই ধনখিনি বিভিন্ন আঁচনি ৰূপায়নৰ বাবে মহাৰাষ্ট্ৰলৈ কেন্দ্ৰই আবণ্টন দিছিল।

বিজেপিৰ সাংসদ গৰাকীয়ে লগতে দাবী কৰে যে ৮০ ঘণ্টা মুখ্যমন্ত্ৰী হৈ থকা দেবেন্দ্ৰ ফড়নবিছে কংগ্ৰেছ-এনচিপি-শিৱসেনাৰ কেন্দ্ৰৰ সেই ধন যাতে অপ ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি ৰাতিৰ ভিতৰতে সেই ধন কেন্দ্ৰলৈ ঘূৰাই পঠিয়ালে।

বিজেপিৰ এজন সাংসদৰ এনে মন্তব্যক লৈ এতিয়া মহাৰাষ্ট্ৰৰ ৰাজনীতিত তুমুল জোকাৰণিৰ সৃষ্টি হৈছে। সাংসদ গৰাকীৰ এই মন্তব্যক বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃ্ত্বই কিদৰে গ্ৰহণ কৰে সেয়াও লক্ষণীয় হৈ পৰিছে। বিতৰ্কিত সাংসদ গৰাকীয়ে কৰা মন্তব্যত উল্লেখ আছে যে এই ৪০ হাজাৰ কোটি টকাৰ বাবেই দেবেন্দ্ৰ ফড়নবিছে সংখ্যা গৰিষ্ঠতা নথকাৰ পাছতো মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in