আমিনগাঁৱৰ ফেকাল্টি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ দ্বি-বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান, বিদ্যালয়ৰ ১২০০ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

আমিনগাঁৱৰ ফেকাল্টি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ দ্বি-বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান, বিদ্যালয়ৰ ১২০০ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

ডিজিটেল সংবাদ, উত্তৰ গুৱাহাটীঃ আমিনগাঁওস্থিত ইংৰাজী মাধ্যমৰ বেচৰকাৰী শিক্ষানুষ্ঠান ফেকাল্টি হায়াৰ ছেকেণ্ডাৰী স্কুলত শনিবাৰে দ্বি-বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানৰ ৰাষ্ট্ৰীয় সংগীতেৰে শুভাৰম্ভ কৰা হয়। আদৰণি ভাষণ বিদ্যালয়ৰ অধ্যক্ষ যুগল চন্দ্ৰ বৰাই আগবঢ়োৱাৰ পাছতে বিদ্যালয়ৰ ১৮৪ জন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ১৯৮৭ চনতে ফেকাল্টি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিস্থাপক তথা বিশিষ্ট শিক্ষাবিদ প্ৰদীপ ভূঞা আৰু বন্তি ভূঞাই যুতীয়াভাৱে ৰচনা কৰা "আমি অসমীয়া বাৰে বৰণীয়া" শীৰ্ষক গীতটি পৰিবেশন কৰা হয়।

লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ভগৱান শিৱৰ জীৱন গাঁঠাৰ ওপৰত এখনি আলেখ্য পৰিবেশন কৰা হয়। তদুপৰি ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা অসমৰ বাৰেৰহণীয়া কাৰ্বি, ৰাভা, বড়ো, মিচিং, গোৱালপৰীয়া চাহ বাগানৰ জুমুৰ গীতৰ লগতে সূধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰে। সাংস্কৃতিক অনুষ্ঠানত আহোম সকলৰ পূৰ্ব-পুৰুষ কি দৰে অসমলৈ আহি অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজা আৰু ৰাজ্য একত্ৰিত কৰি "বৰ অসম" গঢ়িছিল তাক "স্বৰ্গদেউ" নামৰ নাটকৰে মঞ্চস্থ কৰা হয়।

"স্বৰ্গদেও" নাটখন পৰিচালনা কৰে বিশিষ্ট অভিনেতা তথা নাট পৰিচালক কৃপাল কলিতাই। দ্বিবাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানতে বিদ্যালয়ৰ তৰফৰ পৰা প্ৰদান কৰি অহা সীমান্ত চৌধুৰী সোৱঁৰণী বঁটা ক্ৰমে ২০১৬-১৭ত বসুন্ধৰা স্কোলা, ২০১৭-১৮ত দীশান্ত পাটোৱাৰী আৰু ২০১৮-১৯ অষ্ট্ৰেয়া ধৰক প্ৰদান কৰা হয়। স্বৰ্গীয় কে পি বৰুৱা সোৱঁৰণী বঁটা ক্ৰমে ২০১৬-১৭ত অৰ্চিত শৰ্মা, ২০১৭-১৮ত ঋতুপৰ্ণ গোস্বামী আৰু ২০১৮-১৯ত গিৰীশ পটোদিয়াক প্ৰদান কৰা হয়।

স্বৰ্গীয় চিমন কছাৰী সোৱঁৰণী বঁটা ক্ৰমে ২০১৬-১৭ ত ৰক্তিম গৌতম গোস্বামী, ২০১৭-১৮ত নিচিকেচ কোঠাহাৰী আৰু ২০১৮-১৯ত প্ৰশান্তি কোমলক প্ৰদান কৰা হয়। ফেকাল্টি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ খেলপথাৰৰ বাকৰিৰ মনোমোহা পৰিবেশত অনুষ্ঠিত হোৱা দ্বি-বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানত ফেকাল্টি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰতিস্থাপক বিশিষ্ট শিক্ষাবিদ প্ৰদীপ ভূঞা আৰু অন্যতম প্ৰতিস্থাপক তথা প্ৰাক্তন অধ্যক্ষ বন্তি ভূঞা, ৰাজনৈতিক চিন্তাবিদ ননী গোপাল মহন্ত, বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক দিলীপ সৰকাৰৰ লগতে বিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰী সমুখ্যে ছাত্ৰ-ছাত্ৰী সকলৰ উপৰিও পাঁচ সহস্ৰাধিক অভিভাৱক তথা বহু গুণী-জ্ঞানী ব্যক্তি উপস্থিত আছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in