কেইটা শিশুৰ মৃত্যু হৈছে সেয়া নজনাকৈয়ে শিৰোনাম সম্পাদনা কৰি কিয় এই অপপ্ৰচাৰ…

কেইটা শিশুৰ মৃত্যু হৈছে সেয়া নজনাকৈয়ে শিৰোনাম সম্পাদনা কৰি কিয় এই অপপ্ৰচাৰ…

ডিজিটেল ডেস্কঃ লোকৰ ভুল ধৰিবলৈ গৈ 'দ্য ফেক্ট বিহাইণ্ড এভৰি নিউজ ' নামৰ এটা পেজে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক লৈ ইচ্ছাকৃতভাৱে অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। তথাকথিত এই পেজটোৱে ১৮ ফেব্ৰুৱাৰী, ২০২০ত অসমত ৮টা শিশু কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে নেকি? শীৰ্ষক এক খবৰ প্ৰচাৰ কৰিছিল।

সেই খবৰৰ সৈতে যিখন ফটো সংলগ্ন কৰা হৈছে তাত 'অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে' অসমত ৭টা শিশু কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে নেকি বুলি শিৰোনাম দিয়া হৈছে। আনৰ বাতৰি সঁচা-মিছা পৰীক্ষা কৰাৰ নামত তথাকথিত এই পেজটোৱে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ ১২ ফেব্ৰুৱাৰী, ২০২০ত প্ৰকাশিত খবৰৰ শিৰোনামকে সলনি কৰি দিলে।

নিজেই হেডলাইন দি লিখিলে 'ফ'লছ হেডলাইন'

Fact Crescendo য়ে নিজাকৈ গ্ৰাফিক্সৰ জৰিয়তে অসমীয়া প্ৰতিদিনৰ হেডলাইন সম্পাদন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কিয়নো এই খবৰ জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট চিকিৎসা বিষয়াৰ মতামত সংগ্ৰহ কৰি প্ৰস্তুত কৰা হৈছিল। যি খবৰৰ শিৰোনাম আছিল 'অসমত কোৰোনা ভাইৰাছ! এসপ্তাহত ৭ শিশুৰ মৃত্যু…'

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কত প্ৰকাশিত বাতৰিটো…

সেই সময়ত যিহেতু কোৰোনা ভাইৰাছৰ আতংক সৰ্বত্ৰে বিৰাজমান আছিল।সেয়েহে '!' চিন দি এসপ্তাহৰ ভিতৰত ৭টা শিশুৰ মৃত্যু হোৱা এই ঘটনাক গুৰুত্ব সহকাৰে প্ৰকাশ কৰাতো অসমীয়া প্ৰতিদিনে এক দায়িত্ব বুলি গ্ৰহণ কৰিছিল।

এই খবৰ কোনো চাঞ্চল্য সৃষ্টি কৰাৰ বাবে নাছিল। কৰিমগঞ্জ জিলাৰ বজাৰহাট এলেকাত অচিন ৰোগত এসপ্তাহত ৭টাকৈ শিশুৰ মৃত্যুৰ ঘটনাক কি সাধাৰণ ঘটনা বুলি ক'ব পাৰি? প্ৰথম ডিঙিৰ বিষ, জ্বৰ হৈ মৃত্যুৰ মুখত পৰিছিল প্ৰায় কেইটা শিশু।

স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ্য দেৱ পুৰুকায়স্থই যোগাযোগ কৰাত সেই স্থানলৈ আয়ুৰ্বেদিক চিকিৎসকৰ এটা দল পঠিয়াইছিল। সেই দলটোৱে অঞ্চলটোত ঔষধ বিতৰণ কৰিয়ে দায়িত্ব সামৰিছিল।আৰু এই চিকিৎসক দলটোৱে ৰোগীৰ অভিভাৱকসকলক এই লক্ষণ কোৰোনা সদৃশ বুলি অৱগত কৰিছিল।

চিকিৎসকৰ এই মন্তব্যই সমগ্ৰ বজাৰঘাট অঞ্চলত হুৱাদুৱা লগাইছিল। পৰীক্ষা নকৰাকৈ চিকিৎসক দলটোৱে সেয়া কেনেকৈ কোৰোনা ভাইৰাছ বুলি ক'লে? সেই প্রশ্ন উত্থাপন কৰা হৈছিল এই খবৰত। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অনুপ দৈত্যাৰিকো এই সন্দৰ্ভত যোগাযোগ কৰিছিল স্থানীয় বিধায়কগৰাকীয়ে।

এনে অভিযোগৰ ভিত্তিত আৰু সেই চিকিৎসাৰ পৰা বঞ্চিত শিশুসকলৰ বাবে প্ৰকাশ কৰা এই খবৰৰ শিৰোনাম সালসলনিৰে কিদৰে মিছা খবৰ আখ্যা দিয়া হ'ল সেয়া চিন্তনীয়।

বিষয়বস্তুৰ গুৰুত্ব উপলব্ধি নকৰি আনৰ ভুল ধৰিবলৈ যোৱা সকলেই এঠাইত সেই অঞ্চলটোত ৭টা আৰু আন এঠাইত ৮টা শিশুৰ মৃত্যু হোৱা বুলি দাবী কৰিছে…

এই ফেক্ট পৰীক্ষাৰ নামত কেৱল শিৰোনামটোক টানি আনি এই পেজটোৱে এঠাইত ৭টা শিশুৰ বিপৰীতে ৮টা শিশুৰ মৃত্যু হোৱা বুলিও প্ৰকাশ কৰিছে। ভুৱা বাতৰি বুলি দাবী কৰিব খোজা এই পেজটোৱে দাবী কৰিছে এই সন্দৰ্ভত তেওঁলোকে যুটীয়া সঞ্চালক অনুপ দৈত্যাৰিৰ লগত যোগাযোগ কৰিলে। তেওঁলোকে লিখিছে- এই বিষয়ে আৰু নিশ্চিত হ'বলৈ কৰিমগঞ্জৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকীৰ সৈতেযোগাযোগ কৰিলো আৰু তেওঁ জনালে যে এই ৮টা শিশু মৃত্যুৰ মুখত পৰা বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন। সাধাৰণ জ্বৰ আৰু পানীলগা হয় এই শিশু কেইটিয়ে যোৱা দুমাহত মৃত্যুক আকোৱালি লৈছে।

এই খবৰ আছিল ৭টা শিশুৰ মৃত্যুক লৈ। তেনেস্থলত ৮টা শিশুৰ মৃত্যুৰ সম্পৰ্কে অনুপ দৈত্যাৰিয়ে দিয়া এই মন্তব্য পেজটোৱে শিলৰ ৰেখাৰ দৰে মানি ল'লে। কিন্তু সেইগৰাকী চিকিৎসা বিষয়াই এই দায়িত্ব ল'বনে যে তেওঁ যিটো চিকিৎসকৰ দল তালৈ পঠিয়াইছিল সেই চিকিৎসকৰ দলে তাত গৈ অভিভাৱকসকলক কি কৈছিল?

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ এই খবৰত সেই কথাখিনি বিষদভাৱে উল্লেখ কৰা হৈছে। আনকি অনুপ দৈত্যাৰিয়ে কোৱা শিশুৰ মৃত্যুৰ কাৰণ টঞ্চিল আৰু ফেৰেঞ্জাইটিজ চিকিৎসকে কোৰোনা ভাইৰাছৰ কথা উল্লেখ কৰা সন্দৰ্ভত চিকিৎসকৰ দল পঠিয়াই পুনৰ পৰীক্ষা কৰাৰ কথা জানিবলৈ দিছে। লগতে এই অচিনৰোগ বিধ কি সেয়া পৰীক্ষাৰ অন্ততহে নিশ্চিত হ'ব পৰা যাব বুলি জানিবলৈ দিছিল।

বাতৰি এৰি শিৰোনামৰ পাছত কিয়?

সবিস্তাৰে এই খবৰ প্ৰকাশ কৰাৰ পাছত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ এই খবৰক কিদৰে মিছা বা ভুৱা আখ্যা দিয়াৰ চেষ্টা কৰিলে এই পেজটোৱে? সমগ্ৰ বাতৰিটো নপঢ়াকৈয়ে কেৱল হেডলাইন চাই তেওঁলোকে এটা খবৰৰ সন্দৰ্ভত এনে ধিস্ততা কৰাতো শুভলক্ষণ নহয়।

সেই অঞ্চলটোৰ পৰা আমাৰ সাংবাদিকে পৰিভ্ৰমণ কৰি বিভিন্ন জনৰ সৈতে যোগাযোগ কৰাৰ আধাৰত এই খবৰ প্ৰস্তুত কৰা হৈছিল। কিন্তু এনে এটা খবৰত ঘৰতে বহি কাৰোবালৈ ফোন কৰিয়েই এই খবৰ মিছা বুলি প্ৰচাৰ চলোৱাৰ আঁৰত আন কিবা উদ্দেশ্য লুকাই আছে নেকি? সমগ্ৰ বিশ্বই এতিয়া কোৰোনা ভাইৰাছৰ আশংকাত ভুগিছে। আমি কোৱা নাই কোৰোনা ভাইৰাছত সেই শিশু কেইটাৰ মৃত্যু হোৱা বুলি। কিন্তু তেওঁলোকৰ দেহত দেখা পোৱা লক্ষণ, চিকিৎসকে কৰা মন্তব্যই যে চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু সেই অঞ্চলটোত দুমাহত ৭টাকৈ শিশুৰ মৃত্যুৰ ঘটনাক সংবাদমাধ্যমে যিধৰণে গুৰুত্ব দিব লাগিছিল তাক নিদিয়া বিষয়টো তুলি ধৰাত ভুল ক'ত?

আনে অপপ্ৰচাৰ চলোৱা বুলি নিজেই অপপ্ৰচাৰত বৰ্তি হোৱা এই লোকসকলে ক'বনে তেওঁলোকে এই খবৰ ভুল বুলি ঠিকেই প্ৰচাৰ চলালে। কিন্তু সেই অঞ্চলত এনেদৰে শিশুৰ মৃত্যুৰ খবৰৰ পাছত কি ব্যৱস্থা চিকিৎসকে গ্ৰহণ কৰিলে সেই খবৰ নাৰাখিলে কিয়? কিয় সেই শিশু কেইটিৰ মৃত্যু হ'ল সেয়া নিশ্চিত কৰি খবৰ পৰিবেশন নকৰিলে কিয়? কেইটামান ছ'চিয়েল মিডিয়াত কেইটামান লাইক, কমেন্টৰ আশাত এনে খবৰ প্ৰকাশ কৰা নাযায়। যিমান পাৰি দায়িত্ব সহকাৰে এটা খবৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হয়। তাৰমাজতো কেতিয়াবা কিবা ভুল থাকিব পাৰে। কিন্তু সেই ভুল ইচ্ছাকৃত নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in